নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ বাৰপূজীয়া বিশেষ অধিৱেশন আৰম্ভ

🔹 সমন্বয় ক্ষেত্র–মূল তোৰণ উদ্বোধন মৃণালিনী দেৱীৰ

নিয়মীয়া বার্তা, ১ ফেব্ৰুৱাৰী : আৰম্ভ হ’ল অসম সাহিত্য সভাৰ বাৰপূজীয়া একাদশ বিশেষ বার্ষিক অধিৱেশন৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জনাই কালি পুৱা ৯ বজাত অধিৱেশনৰ কার্যসূচীৰ শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাই৷ পুৱাৰ এই অনুষ্ঠানত উপ–সভাপতি ডাঃ গিৰীশ সন্দিকৈ, প্রধান সম্পাদক ড০ উপেন্দ্রজিৎ শর্মা, কুঁহিৰ আহ্বায়ক অজিত প্রসাদ শর্মা, প্রচাৰ উপ–সমিতিৰ সভাপতি অজিত শর্মাৰ লগতে কার্যনির্বাহকৰ বহুকেইজন সদস্য আৰু আদৰণী সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ পাঁচোৰজা সমন্বয় ক্ষেত্রৰ মূল তোৰণ আৰু সমন্বয় ক্ষেত্রৰ শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভানেত্রী মৃণালিনী দেৱীয়ে৷ নিজৰ ভাষণত মৃণালিনী দেৱীয়ে নৱপ্রজন্মক সাহিত্যমুখী কৰাৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়৷ নহ’লে অসমীয়া ভাষা–সাহিত্যৰ সংকট নিৰাময় নহ’ব বুলি তেওঁ নিজৰ বক্তব্যত উল্লেখ কৰে৷ আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰী, কার্যকৰী সভাপতি ড০ বিৰিঞ্চি কুমাৰ শর্মা, সাধাৰণ সম্পাদক ডাঃ প্রদীপ কুমাৰ ডেকাকে ধৰি বিষয়ববীয়াসকল উপস্থিত আছিল৷ ইয়াৰ লগতে পাঁচোৰজাৰ সোঁৱৰণত বন্তি প্রজ্বলন কৰে পাঁচোৰজাৰ পৰিয়ালে৷ শ্রীমন্ত শংকৰদেৱৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্র শইকীয়াই৷ অসম সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ প্রতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্রজ্বলন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই৷ অসম সাহিত্য সভাৰ প্রতিষ্ঠাপক সম্পাদক শৰৎ চন্দ্র গোস্বামীৰ প্রতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্রজ্বলন কৰে আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতি নৰেন্দ্র নাথ কেওটে৷ নাট্যমঞ্চ উদ্বোধন কৰে মৰিগাঁও জিলা শ্রীমন্ত শংকৰদেৱ সংঘৰ অতুল দাসে৷ গ্রন্থমেলা আৰু প্রদর্শনীৰ ২নং তোৰণৰ দ্বাৰ উদ্ঘাটন কৰে মায়ং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাই৷ ৩নং তোৰণ উদ্বোধন কৰে বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ কুমুদ চন্দ্র বৰদলৈয়ে৷ মূল মণ্ডপ উদ্বোধন কৰে মিকিৰভেটা ৰাজহ চক্রৰ চক্র বিষয়া নিকুঞ্জ কুমাৰ দাসে৷ বিশিষ্ট সাহিত্যিক গণেশ সেনাপতি সোঁৱৰণী মণ্ডপ উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ সদস্য অজিত ডেকাই৷ ভাষা শ্বহীদ সূর্য বৰা সোঁৱৰণী গ্রন্থমেলা মঞ্চ উদ্বোধন, মাল্যাৰ্পণ আৰু বন্তি প্রজ্বলন কৰে ডাঃ পুণিৰাম পাতৰ আৰু মৰিগাঁও জিলা ছাত্র সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে৷ বাণিজ্য মেলা উদ্বোধন কৰে বিশিষ্ট ব্যৱসায়ী মাতুৰাম শর্মাই৷ ক্ষেত্রৰ অস্থায়ী কার্যালয়ৰ তোৰণ উন্মোচন, গ্রন্থমেলা ক্ষেত্রৰ মঞ্চ উদ্বোধন কৰে চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমল চন্দ্র নাথে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহম্মদ আবুল হাচান আল আমন আৰু কহিগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্রাপ্ত প্রধান শিক্ষয়িত্রী মঞ্জু মেধিয়ে৷ দিনৰ ১২.৩০ বজাত মে–ডাম–মে–ফী উদযাপন৷ বিয়লি ৫বজাত অসম সাহিত্য সভাৰ চতুর্থ পূর্ণাংগ কার্যনির্বাহক সভা উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শর্মাই আৰু আদৰণী ভাষণ দিয়ে আদৰণী সমিতিৰ সভাপতি হেমন্ত দেউৰীয়ে৷ আনহাতে, আজিও বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব অধিৱেশনস্থলীত। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা সহস্রাধিক প্রতিনিধি আহি উপস্থিত হৈছে৷ কালি প্রাক্তন প্রধান সম্পাদক যাদৱ শর্মা, প্রাক্তন সহকাৰী সম্পাদক মৃণাল হাজৰিকা প্রমুখ্যে বহুসংখ্যক বিষয়ববীয়া অধিৱেশনস্থলীত উপস্থিতি হৈ প্রস্তুতিৰ বুজ লয়৷ ইফালে, নগাঁও জিলা সাহিত্য সভাৰ পৰিয়ালবর্গৰ হৈ অসম সাহিত্য সভাৰ একাদশ বার্ষিক বাৰপূজীয়া অধিৱেশনৰ ১ ফেব্রুৱাৰীত পুৱাৰ পৰা নিশাৰ আহাৰৰ খাদ্য সামগ্রী অধিৱেশনৰ আদৰণী সমিতিক কালি আনুষ্ঠানিকভাৱে অর্পণ কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, সম্পাদক ৰেৱত কুমাৰ হাজৰিকা প্রমুখ্যে কার্যকর্তাসকলে৷

You might also like