নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত মাতৃভাষা মাধ্যমবিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আছুৰ সমদল

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী : অসম চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা মাধ্যমবিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আৰু চৰকাৰৰ আঁকোৰগোজ স্থিতি পৰিহাৰৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী শ্বহীদ ভৱনৰ পৰা জৈন মন্দিৰ হৈ বাটাৰ চ’ক হৈ নলবাৰী সদৰ থানাৰ চ’কেৰে সমদল কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি ভৱজিৎ বেজবৰুৱা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদ, জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজ উদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত, উপদেষ্টা অক্ষয় ডেকাৰ নেতৃত্বত ওলোৱা তিনি শতাধিক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, অসম আৰু অসমীয়া মাধ্যমবিৰোধী বিজেপি চৰকাৰ হায় হায়, ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । আছু নেতা ভৱজিৎ বেজবৰুৱাই মাধ্যম বিষয়ত হাত নিদিবলৈ চৰকাৰক সকীয়াই দিয়াৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুক মেৰুদণ্ডবিহীন, পুতুলা শিক্ষামন্ত্ৰী বুলি অভিহিত কৰে। যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে মেডিকেল আৰু ইঞ্জিনীয়াৰিং শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব লাগে বুলি সদম্ভে ঘোষণা কৰিছে, সেই একে সময়তে ৰাজ্য চৰকাৰে মাতৃভাষা মাধ্যমক নি:শেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱা কাৰ্য চৰম গৰিহণাযোগ্য বুলি কোৱাৰ লগতে ছাত্ৰ নেতা ৰিয়াজউদ্দিন আহমেদে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰিপন্থী অসাংবিধানিক সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়। নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজ উদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত, উপদেষ্টা অক্ষয় ডেকাই অংশগ্ৰহণ কৰি কয় যে অসমত অসমীয়া ভাষা আৰু অসমীয়া মাধ্যম, বড়ো ভাষা আৰু বড়ো মাধ্যম তথা জনগোষ্ঠীয় ভাষা আৰু জনগোষ্ঠীয় মাধ্যমৰ উত্তৰণৰ এটা পটভূমি আছে। ১৯৬০ চনত ভাষা আন্দোলন আৰু ১৯৭২ চনৰ মাধ্যম আন্দোলনত অসমীয়া ভাষা আৰু মাধ্যম ৰক্ষাৰ মাইলৰ খুটি। দুয়োটা আন্দোলনতে অসমীয়া মানুহ শ্বহীদ হৈছিল।অসম চৰকাৰে এই পটভূমি আৰু ইতিহাসক অশ্ৰদ্ধা কৰিলে নহ’ব। অসম চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্ত আৰু কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ কথা পৰস্পৰবিৰোধী। ছাত্ৰ নেতাদ্বয়ে চৰকাৰৰ আঁকোৰগোজ স্থিতি পৰিহাৰ কৰি চৰকাৰক মাধ্যমৰ ওপৰত হাত নিদি মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহৰ আন্ত:গাঁথনি উন্নীত কৰি আধুনিক সা-সুবিধাৰে সজাই-পৰাই তোলাৰ দাবী জনায়।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like