নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড, খেতিডৰা বচাবলৈ চৰাই মাৰি ওলোমাই থ’লে পথাৰত

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী : জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কাণ্ড। মানুহে বাকী জীৱকুলক নাপাট্টা কৰি সমস্ত পৃথিৱীখনকেই ভাবে নিজৰ বুলি। মানুহৰ এনে আধিপত্যৰ চিকাৰ হৈছে এইবাৰ পক্ষীকুল | নিজৰ খেতিপথাৰত চৰায়ে খেতি খোৱাৰ বাবেই কৃষকে বধ কৰিবলৈ লৈছে চৰাই। চৰাই বধ কৰি বাঁহ পুতি ওলমাই ৰাখিছে একাধিক চৰাই। বাকীবোৰ চৰাইক ভয় খুৱাবলৈ কাণ্ডজ্ঞানহীন কৃষকৰ এনে নিষ্ঠুৰ কাণ্ড | নগৰবেৰাৰ মালঞ্চা আৰু মেধিপাৰা গাঁৱৰ মাজভাগৰ নৈৰ পাৰৰ লহৰা পথাৰৰ এডৰা মাকৈ খেতিত দেখা গ’ল এনে পাশৱিক কাণ্ড। কৃষকগৰাকীৰ সাক্ষাৎ পোৱা নগ’ল যদিও প্ৰত্যক্ষ কৰা গ’ল তেওঁৰ এনে নিকৃষ্ট কৰ্মৰাজি | চৰাই বধ কৰি বাঁহ পুতি ওলোমাই ৰখা হৈছে মাকৈ খেতিডৰাৰ মাজত । বাকীবোৰ চৰায়ে যাতে খেতি খাবলৈ নাহে, তাৰ বাবেই এনে নিকৃষ্ট পন্থা | জানিব পৰা মতে, বহুদিন ধৰি এইদৰে কৃষকগৰাকীয়ে নিজৰ খেতিডৰা চৰায়ে নাখাবলৈ বধ কৰি আহিছে বহু চৰাই-চৰিকটি। ফান্দ পাতি ধৰে আৰু মাৰি ওলোমাই ৰাখে মাকৈ খেতিডৰাৰ মাজত | এনে বিবেকহীন চৰাই বধ কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত কৃষকগৰাকীৰ সদবুদ্ধিৰ উদয় হ’বনো কেতিয়া ? প্ৰশাসনে এইক্ষেত্ৰত তদন্তসাপেক্ষে এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লওক, ৰোধ হওক চৰাই নিধনযজ্ঞ, তাৰেই কামনা কৰিছে সকলোৱে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like