প্ৰধানমন্ত্ৰী মোদীক সাক্ষাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ফেব্ৰুৱাৰীঃ কংগ্ৰেছৰ সংগ এৰি বিজেপিৰ সহযোগত নতুনকৈ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱা নীতিশ কুমাৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়। বিহাৰত নতুন এন ডি এ চৰকাৰ গঠনৰ পাছত এইখনেই তেওঁৰ প্রধানমন্ত্রী মোদীৰ সৈতে প্রথম বৈঠক৷ আগন্তুক সময়ত বিহাৰত কেবিনেট সম্প্ৰসাৰণৰ কথা। একে সময়তে ১২ ফেব্ৰুৱাৰীত নতুন এন ডি এ চৰকাৰৰ ফ্ল’ৰ টেষ্ট। বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব নীতিশ কুমাৰে। এনে সময়ত নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই বৈঠকৰ ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ছবিখনত দুয়োজন নেতাই উষ্মভাৱে মিলিত হৈছে। মুখ্যমন্ত্ৰী মোদীক উপহাৰ দিলে মুখ্যমন্ত্ৰী নীতিশে এটি ফুলৰ থোপা। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত এন ডি এৰ আসন বিতৰণ হ’ব। যোৱা লোকসভা নিৰ্বাচনত জেডিইউ আৰু বিজেপিয়ে একেলগে প্ৰতিদ্বন্দ্বিতা কৰিছিল। বিহাৰত ৪০খন লোকসভাৰ আসন। জেডিইউ আৰু বিজেপিয়ে ১৭খনকৈ আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। বিজেপিয়ে ১৭খন আসন আৰু জেডিইউয়ে ১৬খন আসন লাভ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকো সাক্ষাৎ কৰিব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।