নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰৰ পলাশবাৰীৰ ঘাটত মৃতদেহ উদ্ধাৰ

বিশেষ বাৰ্তা, ৯ ফেব্ৰুৱাৰী : ব্ৰহ্মপুত্ৰৰ পলাশবাৰীৰ ঘাটত পানীত উপঙি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি পলাশবাৰীৰ ঘাটত কোনো লোকে পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো । লগে লগে আৰক্ষীক খবৰ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে । খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় শুৱালকুছি নদী আৰক্ষী । অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰে অৰ্ধগলিত মৃতদেহটো । মৃতদেহটো গুৱাহাটী বৰাগাঁৱৰ গোবিন্দ ৰাজবংশীৰ বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ লোকে পলাশবাৰীত উপস্থিত হৈ চিনাক্ত কৰে মৃতদেহটো । পৰিয়ালৰ লোকে ২ ফেব্ৰুৱাৰীৰ পৰা গোবিন্দ ৰাজবংশী নিৰুদ্দেশ হৈ আছিল বুলি জানিবলৈ দিছে । মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হয়।

প্ৰেৰক বিনয় কলিতা

You might also like