নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : ঢকুৱাখনাৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তি, ভাষা-সাহিত্যৰ গৱেষক, প্ৰবীণ ক্ৰীড়াবিদ, অৱসৰপ্ৰাপ্ত শিক্ষক তথা ঢকুৱাখনাৰ সংবাদ জগতৰ অন্যতম মহীৰূহস্বৰূপ জগদীশ গগৈ আৰু নাই। ঢকুৱাখনাৰ সমাজ-বৌদ্ধিক পথাৰখন চিৰদিনৰ বাবে উকা কৰি শনিবাৰে দুপৰীয়া ১২.৪০ বজাত ঢকুৱাখনা নগৰস্থিত বালিগাঁৱৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে গগৈয়ে। বাৰ্ধক্যজনিত কাৰণত খোৱা-বোৱাত অসুবিধা অনুভৱ কৰা সমাজপ্ৰাণ গগৈয়ে ৭ ফেব্ৰুৱাৰীৰ পৰা নিজ গৃহতে চিকিৎসা গ্ৰহণ কৰি আছিল আৰু উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ কথা আছিল যদিও আজি দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে। আধুনিক ঢকুৱাখনাৰ সমাজ জীৱনৰ অভিভাৱকস্বৰূপ তথা ঢকুৱাখনাৰ সাহিত্য-সংস্কৃতি-ইতিহাসকে ধৰি ঐতিহ্যমণ্ডিত ফাটবিহুৰ গুৰি ধৰোঁতা জগদীশ গগৈৰ বিয়োগৰ খবৰে ম্ৰিয়মাণ কৰিছে ঢকুৱাখনাবাসীক। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত জন্মগ্ৰহণ কৰা গগৈয়ে ১৯৫৩ চনত পঞ্চম শ্ৰেণীত অধ্যয়ন কৰা অৱস্থাত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ অধিৱেশনত ‘ছাত্ৰৰ কৰ্তব্য’ শীৰ্ষক ৰচনা লিখি প্ৰথম স্থান অধিকাৰ কৰি নিজৰ লেখক জীৱনৰ সম্ভাৱনাৰ পৰিচয় দিছিল। দশম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ অসম বাণীৰ ‘জোনাকী মেল’ আৰু দৈনিক অসমৰ ‘অকণিৰ চ’ৰা’ত জ্যোতি প্ৰসাদ গগৈ ছদ্মনামেৰে প্ৰেৰণ কৰা লেখা প্ৰকাশ হৈছিল। একেদৰে যোৰহাটৰ জে বি মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা অৱস্থাত সত্যেন পাঠক ছদ্মনামেৰে অসম বাতৰি, সাদিনীয়া নৱযুগ, দৈনিক অসম, নীলাচল, নতুন অসমীয়া, সাপ্তাহিক আৰু দৈনিক জনমভূমি আদি কাকতত প্ৰবন্ধ আৰু সম্পাদকলৈ চিঠি আদি লিখিছিল। তেওঁ ৬০ দশকৰ পৰা ৮০ দশকলৈকে দৈনিক জনমভূমি, দৈনিক অসম আৰু সোণৰ অসম কাকতত ঢকুৱাখনাৰ স্থানীয় সংবাদদাতা হিচাপে সেৱা আগবঢ়াইছিল। একেদৰে উক্ত সময়ছোৱাত THE ASSAM TRIBUNE আৰু THE ASSAM EXPRESS কাকতত তেতিয়াৰ অবিভক্ত লখিমপুৰ জিলাৰ ধেমাজি মহকুমাৰ ক্ৰীড়া প্ৰতিবেদক হিচাপে খেলৰ বাতৰি যোগান ধৰিছিল। ঢকুৱাখনা বালিকা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি ২০০০ চনত অৱসৰ গ্ৰহণ কৰা বাঁওপন্থী মতাদৰ্শত বিশ্বাসী জগদীশ গগৈ ঢকুৱাখনাৰ সমাজ জীৱনৰ প্ৰায় প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। যুৱকালত সুদক্ষ ফুটবল খেলুৱৈ হিচাপেও খ্যাতি অৰ্জন কৰিছিল গগৈয়ে। ঢকুৱাখনাৰ সমাজ আৰু লোকসংস্কৃতিৰ এনচাইক্ল’পেডিয়াস্বৰূপ জগদীশ গগৈ বহু গৱেষক শিক্ষাৰ্থীৰ বাবে তথ্যৰ উৎস আৰু অনানুষ্ঠানিক তত্ত্বাৱধায়কসদৃশ আছিল। ঢকুৱাখনাৰ অভিভাৱকস্বৰূপ গগৈৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধ, শুভাকাংক্ষীৰ আগমন ঘটে গগৈৰ বালিগাঁওস্থিত বাসগৃহলৈ। পত্নী ৰুণু গোহাঁই গগৈ, দুই পুত্ৰ, ইষ্ট-কুটুম্ব আৰু গুণমুগ্ধক ইহসংসাৰত এৰি যোৱা গগৈৰ বিয়োগত ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, ফাটবিহু সমিতি, প্ৰেছ গীল্ড ঢকুৱাখনা, ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ, ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলন, ঢকুৱাখনা মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থা, মেগামিক্স প্ৰকৃতি সংঘ, বিজ্ঞান সমিতি, মহকুমা মহিলা সমিতি, ব্যৱসায়ী সন্থা, টাই কৃষ্টি বিকাশ আৰু গৱেষণা কেন্দ্ৰ, ঢকুৱাখনা বালিকা মধ্য ইংৰাজী বিদ্যালয়, ঢকুৱাখনা এক্টিং একাডেমী, ঢকুৱাখনা নাট্য বিদ্যালয় আদিৰ উপৰি বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে।
প্ৰেৰক পুলকজ্যোতি বৰা