নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত শংকৰদেৱ সংঘৰ অধিৱেশনত চিলনী চোৰৰ সন্ত্ৰাস

🔹 মহিলাৰ চেইন থপিৱাওতে হাতে-লোটে আটক এজন

🔹 ভিডিঅ’ কৰাক লৈ চিলনী চোৰৰ খং

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : ৰঙিয়াৰ মৰাণজানাৰ হাতীখলা পথাৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত পকেটমাৰ আৰু চিলনী চোৰৰ উপদ্ৰৱক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অধিৱেশনস্থলীত লক্ষাধিক লোকৰ ভিৰৰ মাজত সুযোগ বুজি পকেটমাৰ আৰু চিলনী চোৰে চলাইছে লুটপাত । আজি এটা চিলনী চোৰে এগৰাকী মহিলাৰ পৰা সোণৰ চেইন কাঢ়ি নিবলৈ ওলোৱা মুহূৰ্তত হাতে-লোটে ধৰা পৰে । লগে লগে একাংশ লোকে ধৃত চোৰটোক লপা-থপা দিয়ে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চোৰটোক থানালৈ নিয়ে । আটকাধীন চোৰটোৰ পৰা ভকত-বৈষ্ণৱসকলে গাঞ্জাও জব্দ কৰে । পিছত সাংবাদিকে চোৰটোৰ ভিডিঅ’ কৰাত খঙত কিয় ভিডিঅ’ কৰিছা বুলি ক্ষোভ উজাৰে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like