নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত গৃহৰক্ষী জোৱানৰ নিযুক্তি কেলেংকাৰি ফাদিল

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ এগৰাকী চুপাৰি ব্যৱসায়ীক বৃহৎ পৰিমাণ ধন দাবী কৰি অসম আৰক্ষীৰ ইতিহাসতে এক ক’লা অধ্যায়ৰ সুচনা কৰি বজালী আৰক্ষীৰ কুকীৰ্তি ফাদিল হোৱাৰ ছমাহ পিছতে পুনৰ জিলাখনত পোহৰলৈ আহিছে বিভাগটোৰ গৃহৰক্ষী জোৱানৰ নিযুক্তি কেলেংকাৰিৰ ঘটনা৷ বজালী আৰক্ষীয়ে উন্মোচিত কৰা আৰক্ষী বিভাগৰে এই কলা অধ্যায়ৰ সতে জড়িত দুজনক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে৷ হোম গাৰ্ড নিযুক্তিৰ ক্ষেত্ৰত ৬৩খনকৈ ভুৱা কমাণ্ড চাৰ্টিফিকেট দাখিল কৰি আটক হৈছে গৃহৰক্ষী জোৱান দুগৰাকী হৈছে শৈলেন্দ্ৰ নাথ দাস নামৰ এগৰাকী সহ পৰিদৰ্শকৰ লগতে প্ৰকাশ কলিতা নাম এগৰাকী গৃহৰক্ষী জোৱান৷ আজি বজালী জিলা আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰীয়ে এক সংবাদ মেল অনুষ্ঠিত এই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিবৰণ দাঙি ধৰে৷ বজালী আৰক্ষীয়ে এক তদন্ত চলাই বিভাগটোত চলা নিযুক্তি কেংলেংকাৰী ধৰা পৰাৰ লগতে বজালী আৰক্ষীৰ জালত পৰিছে এগৰাকী উপ পৰিদৰ্শকৰ লগতে আন এগৰাকী গৃহৰক্ষী জোৱান৷ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰীয়ে সংবাদমেলত জানিবলৈ দিয়া অনুসৰি বজালীত গৃহৰক্ষীত মুঠ ৯০ টা পদ খালী হৈ আছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিততে যোৱা পহিলা ফেব্ৰুৱাৰীত বৰপেটাৰ পৰা বজালীলৈ পঠিয়াই দিয়া হয় ৬৩খন কমাণ্ড চাৰ্টিফিকেট৷ ইয়াৰ পিছতে বিষয়টো সন্দৰ্ভত বজালীৰ আৰক্ষীৰ সন্দেহ হয়৷ কিয়নো সাধাৰণতে গৃহৰক্ষী জোৱানৰ বাবে এখন জিলাত মাহত দহখনহে কমাণ্ড চাৰ্টিফিকেট প্ৰেৰণ কৰা হয়৷ এনে এক প্ৰেক্ষপটতে বিষয়টোৰ সত্যাসত্যতা জানিবলৈ আৰু উক্ত ৬৩ গৰাকীৰ কমাণ্ড চাৰ্টিফিকেটৰ পুনৰীক্ষণৰ বাবে বজালী আৰক্ষী অধীক্ষকগৰাকীয়ে যোৱা ৩ ফেব্ৰুৱাৰীত নলবাৰীস্থিত গৃহৰক্ষী বাহিনীৰ জিলা কমাণ্ডেণ্ট কাৰ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰে৷ ইয়াৰ পিছতে গৃহৰক্ষী বাহিনীৰ জিলা কমাণ্ডেণ্ট কাৰ্যালয়, নলবাৰীৰ পৰা যোৱা ৭ ফেব্ৰুৱাৰীত পৰীক্ষণ প্ৰতিবেদন লাভ কৰা হয় আৰু তদন্তৰ অন্তত পোহৰলৈ আহে যে উক্ত ৬৩খনৰ ভিতৰত কেৱল ১৬ খন চাৰ্টিফিকেট হে বৈধ৷ সেই অনুসৰি বিষয়টো ভেৰিফাই কৰি যোৱা ৮ ফেব্ৰুৱাৰীত বজালী আৰক্ষীৰ ABI/RO সমৰেশ বৰুৱাই পাঠশালা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে পাঠশালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ভাৰতীয় দণ্ডবিধি আইনৰ গোচৰ নম্বৰ PS 15/2024;U/S 120(B)/409/468/471 ৰ ভিত্তিত এটা গোচৰ ৰুজু কৰে৷ ইয়াৰ ভিত্তিতেই তদন্তকাৰী বিষয়াই এতিয়ালৈকে প্ৰায় ২০ গৰাকী গৃহৰক্ষী জোৱানৰ সাক্ষী গ্ৰহণ কৰি তদানীন্তন বৰপেটা, আৰ্বান উইংৰ পি চি হোমগাৰ্ড তথা বৰ্তমান কাৰ্বি আংলঙৰ ডিফুত সহ পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বজালীৰ উপৰনৈ নিৱাসী শৈলেন্দ্ৰ নাথ দাস আৰু বৰ্তমান বৰপেটাৰ পুলিচ ৰিজাৰ্ভত কৰ্মৰত গৃহৰক্ষী জোৱান তথা বজালীৰ পুৰ ৰিহাবাৰী নিৱাসী প্ৰকাশ কলিতাক আটক কৰে৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি ব্যক্ত কৰি বজালী আৰক্ষী অধীক্ষক বসুমতাৰীয়ে জানিবলৈ দিয়ে যে আটক হোৱা দুই গৰাকী অভিযুক্তই গৃহৰক্ষীৰ কমাণ্ড চাৰ্টিফিকেট প্ৰদানৰ নামত দহ হেজাৰৰ পৰা পোন্ধৰ হেজাৰ টকাকৈ সংগ্ৰহ কৰি ভুৱা কমাণ্ড চাৰ্টিফিকেট দিছিল৷

প্ৰেৰক কল্যাণ কলিতা

You might also like