নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুজনাৰ বিশাল কৰ্মৰাজিয়ে অসমীয়া জাতিক সমৃদ্ধিশালী কৰিছে : মুখ্যমন্ত্ৰী

👉ৰঙিয়াত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

👉শংকৰদেৱ সমগ্ৰ ভাৰতীয় সনাতন-সংস্কৃতিৰ আপুৰুগীয়া সম্পদ

👉মহাপুৰুষজনাৰ আদৰ্শক সাৰোগত কৰিব নোৱাৰা আজমলৰ দৰে ব্যক্তিক নিমন্ত্ৰণ নকৰাৰ বাবে সংঘক আহ্বান

👉চৰকাৰৰ ফালৰ পৰা সংঘৰ ‘থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ ছ’চাইটী’ৰ বাবে ৩ কোটি মূলধন ঘোষণা

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী : শংকৰদেৱৰ সত্য, শুদ্ধ, সনাতন ধৰ্মৰ তত্বাদৰ্শনৰ লগতে গুৰুজনাৰ আধ্যাত্মিক, নৈতিক, সামাজিক, সাংস্কৃতিক আৰু মহান মানৱতাবাদী আদৰ্শৰাজি জনমানসৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘ‍ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। গুৰুজনাৰ আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰসাৰৰ বাবে সংঘ‍ই বৰ্তমানলৈকে গৱেষণামূলক গ্ৰন্থকে ধৰি হিন্দী, ইংৰাজী, বাংলা ভাষাত এশ খনতকৈও অধিক পুথি প্ৰকাশ কৰি উলিয়াইছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ৰঙিয়াৰ মৰাণজানা হাতীখলা পথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক অধিবেশনৰ আজি অন্তিম দিনা অনুষ্ঠিত মুকলি সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে উত্তৰাকাণ্ড আৰু আদিকাণ্ড ৰামায়ণৰ ওপৰত জীৱনজোৰা সাধনা আৰু কৰ্ম সন্নিৱিষ্ট কৰি প্ৰনয়ন কৰি অধিৱেশনৰ আদৰণী সমিতিয়ে প্ৰস্তুত কৰা এখন সুন্দৰ গ্ৰন্থ উন্মোচন কৰাৰ আমাৰ সৌভাগ্য হৈছে। প্ৰসংগক্ৰমে উল্লেখ কৰে যে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নামেৰে ৰাজ্যৰ বিভিন্ন ঠাইত শিক্ষানুষ্ঠান স্থাপন কৰি সংঘ‍ই শৈক্ষিক আৰু বিদ্যায়তনিক দিশতো অৰিহণা যোগাই আহিছে। সংঘৰ ৫৬ বিদ্যালয়ৰ ভিতৰত ২২খনত উচ্চতৰ মাধ্যমিক শাখাও সংযোজিত হৈছে। উচ্চ শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে সম্প্ৰতি ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত এক মৰ্যদাপূৰ্ণ শিক্ষানুষ্ঠান হিচাপে উদ্ভাষিত হ’বলৈ সক্ষম হৈছে। বৰ্তমান ২২টা বিভাগত এই বিশ্ববিদ্যালয়খনত গৱেষক, ছাত্ৰ -ছাত্ৰীকে ধৰি ১৪০০ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিছে বুলি জনায়। তেওঁ লগতে কয় যে “মোৰ বাবে জীৱনৰ এক পৰম আনন্দ যে ম‍ই শিক্ষামন্ত্ৰী হৈ থকা সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বিধেয়ক আইনলৈ পৰিৱৰ্তন কৰাৰ ম‍ই মোৰ দায়িত্ব পালন কৰিবলৈ সৌভাগ্য হৈছিল।” নতুন প্ৰজন্মক স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে সংঘ‌ই ‘থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ ছ’ছাইটি’ গঢ়ি তুলি ৰাজ্যত ২৬ টা মুকলি কৰিছে। ২৪ হাজাৰৰো অধিক সদস্যভুক্ত এই ছ’ছাইটিৰ জৰিয়তে স্বাৱলম্বন আঁচনিৰ অধীনত মহিলা আৰু যুৱক যুৱতি সকলক ৯ কোটি টকাৰ ঋণ দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে এই ছ’ছাইটিক আৰু অধিক আগবঢ়াই নিবলৈ অসম চৰকাৰৰ ফালৰ পৰা ৩ কোটি টকাৰ মূলধন আগবঢ়াবলৈ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে। ইফালে নিজৰ মনৰ আৱেগ প্ৰকাশ কৰি তেওঁ কয় যে সংঘৰ দুই-এটা শাখাই বদৰুদ্দিন আজমলৰ দৰে ব্যক্তিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চলৈ নিমন্ত্ৰণ কৰাৰ সময়ত ম‍ই ওৰে নিশা শুৱ নোৱাৰোঁ। মোৰ অন্তৰ কান্দি উঠে। যিজন ব্যক্তিয়ে নাৰী সমাজক ভোগৰ পন‍্য সমগ্ৰী বুলি গণ্য কৰে, যিয়ে নাৰীক বোৰ্খাত ৰাখিব বিচাৰে, যিয়ে নাৰীক সন্তান জন্ম দিয়া মেচিন বুলি ভাৱে, তেনে ব্যক্তি কেতিয়াও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ লগত একত্ৰিত হব নোৱাৰে। তেনে মানুহক সংঘৰ এনে পবিত্ৰ মজিয়ালৈ মাতিব নালাগে বুলি বাপ-বান্ধৱ সকলক হাতযোৰ কৰি অনুৰোধ জনায়। তেওঁ লগতে কয় যে যেতিয়ালৈকে বিজেপি চৰকাৰ আছে তেতিয়ালৈকে সংঘই ধনৰ লগতে আন অসুবিধাৰ বিষয়ে চিন্তা কৰিব নালাগে। সংঘক এনেলোকক নিমন্ত্ৰণ জনাবলৈ আহ্বান জনাই যিয়ে শংকৰদেৱৰ আদৰ্শৰে নিজক মহীয়ান কৰিবলৈ সংকল্প লয়। ইয়াৰ বাবে সংঘৰ কোনো লোকে যাতে বেয়া নাপায় তাৰ বাবে অনুৰোধ কৰে । সংঘৰ আন এক উল্লেখনীয় দিশ হৈছে তৃণমূল পৰ্য্যায়ৰ পৰা সবল সাংগঠনিক ভেটি। দেশত ৫৫ খন জিলা শাখা থকা সংঘৰ সদস্য সংখ্যা ৫০ লাখতকৈও অধিক । সংঘৰ প্ৰাথমিক শাখা বোৰে গুৰুজনাৰ একশৰণ নামধৰ্মৰ লগতে অসমীয়া সংস্কৃতিক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত এক গতিশীল ভূমিকা গ্ৰহণ কৰিছে। শংকৰদেৱ সংঘই শৃংখলাবদ্ধ সমাজ গঢ়ি তোলাৰ বাবে যুৱ সমাজক আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু গুৰুজনাৰ অমৃত বাণীৰে জীৱনৰ বাটত আগবাঢ়িবলৈ প্ৰেৰণা যোগাইছে। এয়া সমগ্ৰ অসমৰ বাবে এক ইতিবাচক দিশ। ক’ৰবাত ক’ৰবাত ড্ৰাগছ, মাদক দ্ৰব্যৰ ব্যৱহাৰে যুৱ প্ৰজন্মৰ মাজত হতাশা আৰু অপৰাধমূলক প্ৰবৃত্তি গঢ়ি তোলাৰ সময়তে ৰাজ্যৰ যুৱক সকলক সংঘবদ্ধ ভাৱে মহাপুৰুষজনাৰ আদৰ্শ আৰু প্ৰেৰণাৰে আগবাঢ়ি যোৱাৰ বাবে সংঘ‍ই যি বাট দেখুৱাইছে তাৰ বাবে সংঘক ভূয়সী প্ৰশংসা কৰে। ঠিক একেদৰে শংকৰদেৱৰ আদৰ্শৰে আয়-মাতৃ সকলকো সমাজ জীৱনত মৰ্যদা প্ৰদানৰ বাবেও সংঘ‍ই নিৰন্তৰ ভাৱে কাম কৰিছে। প্ৰতিষ্ঠা কালৰ পৰাই সংঘ‍ই জাতীয় জীৱনলৈ যি অৰিহণা আগবঢ়াই আহিছে , সেয়া স্বৰূপাৰ্থতে অসামান্য। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইধৰণৰ বিশাল আৰু বহুমুখী কৰ্মৰাজীয়ে সংগঠনটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। এই অধিৱেশনত ভকত-বৈষ্ণৱৰ বিশাল সমাগমে সংঘ আৰু মহাপুৰুষজনাৰ প্ৰতি থকা একান্ত নিষ্ঠা আৰু ভক্তি প্ৰতিফলিত কৰা বুলি দোহাৰে। শংকৰদেৱৰ আৱিৰ্ভাৱ আছিল অসম ভূমিত সামগ্ৰিক ইতিহাসৰ এক নিৰ্ণায়ক ঘটনা। গুৰুজনাৰ মহাসাগৰসদৃশ বিশাল কৰ্মৰাজিয়ে অসমীয়া জাতিক সঞ্জীৱিত কৰি জনজীৱনক মানৱতা, নৈতিকতা, বৌদ্ধিক আৰু আধ্যাত্মিক চিন্তাৰ বোৱতী সুঁতিৰে জাতিটোক সংস্কৃতিবান ৰূপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। শংকৰদেৱৰ এই অৱদান কেৱল জাতীয় সম্পদে নহয়, সমগ্ৰ ভাৰতীয় সনাতন-সংস্কৃতিৰ বাবে এক আপুৰুগীয়া সম্পদ হিচাপে পৰিগণিত হৈছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই মত ব্যক্ত কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মা অধিৱেশনস্থলীত উপস্থিত হোৱাৰ পিছতে ৰাইজৰ লগত বাপ-বান্ধৱ ,আয় মাতৃ সকলেও মামা মামা ধ্বনিৰে হৰ্ষোল্লাস প্ৰকাশ কৰে ৷ উদ‍্যোক্তাৰ লগতে ভকত বৈষ্ণৱ সকলে খোল তালেৰে মুল মঞ্চলৈ তেওঁক আদৰি আনে। মুখ‍্যমন্ত্ৰীগৰাকীয়ে ৰামায়ণী সাহিত্যৰ বিষয়ে লিখা গ্ৰন্থ আদি কান্ত উত্তৰা কান্ত সমীক্ষাত্মক অধ‍্যয়নৰ বিষয়ে সংঘৰ সাহিত্য শাখাই প্ৰকাশ কৰা এখন গ্ৰন্থ আৰু সংঘৰ ৰঙিয়াৰ যুৱকসকলে প্ৰকাশ কৰা ৰূপহী ৰঙিয়া নামৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰে। সভাখনত ৰঙিয়াৰ বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, ৰাজ‍্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাকে ধৰি সংঘৰ বহু লোক উপস্থিত থাকে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like