বিশেষ বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ৮৬ বছৰত ভৰি দিলে প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, সাহিত্যৰ অকাডেমি ফেল’ ড॰ নগেন শইকীয়াই৷ এই উপলক্ষে আজি পুৱাৰে পৰা জীৱন ফুকন নগৰস্থিত সাহিত্যিকগৰাকীৰ বাসভৱন বৰ্ণমালাত ভিৰ কৰে অলেখ গুণমুগ্ধই৷ সকলোৱে সাহিত্যিকগৰাকীৰ জন্মদিনৰ ওলগ জনোৱাৰ লগতে সুস্বাস্থ্য কামনা কৰি গামোচা, ফুলৰ টোৰা, স্মৃতিবিজড়িত ফটো আদিৰে জ্ঞাপন কৰি সুস্বাস্থ্য কামনা কৰে৷ বিয়লি হোটেল গাৰ্ডেন ট্ৰিটৰ সভাকক্ষত সাৰস্বত ন্যাসৰ উদ্যোগত ‘মিতভাষ দিৱস’ উদ্যাপন কৰা হয়৷ এই অনুসৰি প্ৰতিবছৰৰ দৰে এইবাৰো দিৱসৰ স’তে সংগতি ৰাখি আয়োজন কৰা হয় ‘পৰিৱৰ্তনৰ পথেৰে অতীতৰ পৰা সাম্প্ৰতিক কাললৈকে অসমৰ ঐতিহাসিক মানচিত্ৰ’ শীৰ্ষক এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ বক্তৃতাটি প্ৰদান কৰে বিশিষ্ট অসমৰ বুৰঞ্জী আৰু ভৌগোলিক বিষয়ৰ এগৰাকী বিশেষজ্ঞ তথা লেখক, অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়া ড॰ শৰৎ কুমাৰ ফুকনে৷ দীঘলীয়া ভাষণত ড॰ ফুকনে ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি অসমৰ ইতিহাস বৰ্ণনা কৰি কয় যে ‘অসমৰ’ৰ ৫২টা নাম থকাৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ ৩৪টাকৈ নাম আছে৷ এইবোৰৰ জৰিয়তে ঐতিহাসিক বহু তথ্যৰ সমল লাভ কৰিব পাৰি৷ভাষণত গৱেষকগৰাকীয়ে চুং-চৌমাৰৰ, মহীৰংগ দানৱৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক কাললৈকে বিশ্বৰ বিভিন্ন দেশৰ পৰা অসমলৈ মানুহৰ প্ৰব্ৰজন তথা বিভিন্ন জাতিৰ ইতিহাস, নদ-নদী, পাহাৰ-পৰ্বত, নলা, মাটি আদিৰ লগতে জলবায়ু আদিৰ বিস্তাৰিত বিৱৰণসম্বলিত ১৬৬খন মেপ প্ৰদৰ্শন কৰি ইয়াৰ স’তে জৰিত অন্যান্য বিভিন্ন দিশৰ কথা সবিস্তাৰে উল্লেখ কৰে৷ ইয়াৰ লগতে সংগতি তেওঁ কলিতা জাতিৰ ইতিহাস আৰু নগেন শইকীয়াদেৱৰ সম্পৰ্কেও বিশেষভাৱে ভাষণত উল্লেখ কৰি কয় যে নিজৰ দেশখনক ভাল পাব নোৱাৰিলে, নিজৰ বুলি ভাৱিব নোৱাৰিলে ‘অসমীয়া মানুহৰ ইতিহাস’ৰ দৰে গৱেষণালব্ধ গ্ৰন্থ কেতিয়াও লিখা সম্ভৱ নহয়৷ অসমীয়া জাতিৰ ইতিহাসত এই গ্ৰন্থখনিৰ জৰিয়তে তেওঁৰ দুৰদৰ্শিতা আৰু জাতিটোক ভালপোৱাৰ ভাৱ প্ৰকাশ পাইছে৷ ভাষণত ড॰ ফুকনে আৰু কয় যে উজনিৰ ফালে চালে শইকীয়া ছাৰক বাদ দি অসমীয়া জাতিটোত হয়তো খুব কমেইহে বিদগ্ধ লোক আছে৷ তেখেতৰ পৰা আমি অধিক পাবলগা আৰু জানিবলগীয়া যিহেতু আছে সেইবাবে তেখেত আৰু বেছিদিন জীয়াই থকাৰ প্ৰয়োজন বুলি উল্লেখ কৰি ড॰ শইকীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে৷ ন্যাসৰ সভাপতি তথা ডিব্ৰুগড় আৰু৷ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য ড॰ কন্দৰ্প ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বক্তা শৰৎ কুমাৰ ফুকনৰ জীৱন-কৃতি সম্পৰ্কে চমুকৈ আলোকপাত কৰে ন্যাসৰ সহকাৰী সম্পাদক ড॰ সত্যকাম বৰঠাকুৰে৷ ন্যাসৰ কাম-কাজ আৰু আদৰণি ভাষণ প্ৰদান কৰে ন্যাসৰ সম্পাদক বীৰেন বৰুৱাই৷ আনহাতে মিতভাষ সম্পৰ্কত চমুকৈ আলোকপাত কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ ভূতপূৰ্ব অধ্যাপক ড॰ কৰবী ডেকা হাজৰিকাই৷ অপৰাজিতা শৰ্মাই আঁতধৰা আৰু ন্যাসৰ প্ৰচাৰ সম্পাদক ৰতন হাজৰিকাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানৰ আৰম্ভণিতে ড॰ কৰবী ডেকা হাজৰিকাৰ ৰচিত আৰু৷ শ্ৰীভাৰতী কলেজৰ শিল্পীসকলৰ দ্বাৰা ন্যাসৰ শীৰ্ষগীত পৰিৱেশন কৰা হয়৷ উক্ত অনুষ্ঠানতে বিভিন্ন অনুষ্ঠান, সংগঠনৰ লগতে অনেক শুভাকাংক্ষী আৰু গুণমুগ্ধই ফুলাম গামোচা, ফুলৰ থোপা, অংকিত ফটো আদিৰ লগতে মিতভাষ পাঠ, স্বৰচিত কবিতা পাঠেৰে সাহিত্যিক গৰাকীক জন্মদিনৰ শুভেচ্চা জ্ঞাপন কৰে৷ উক্ত অনুষ্ঠানতে সাহিত্যিক গৰাকীৰ জনপ্ৰিয় গল্প ‘ষ্টাফ ফটোগ্ৰাফাৰৰ ছবি’ শীৰ্ষক গল্পটোৰ আধাৰত দেৱজ্যোতি বৰাৰ প্ৰযোজনা আৰু জয়ন্ত নাথৰ পৰিচালনাত নিৰ্মীয়মান আৰু অহা ২২ মাৰ্চত শুভমুক্তি হ’বলগীয় বোলছবি ‘ৱাইড এংগোল’ৰ টেইলাৰ প্ৰদৰ্শন কৰা হয়৷ অনুষ্ঠানত ন্যাসৰ দাত্ৰী লাৱণ্য শইকীয়া, বক্তা শৰৎ ফুকনৰ সহধৰ্মিনী তথা গৱেষক সুপ্ৰীতি বৰঠাকুৰ ফুকন, ন্যাসৰ উপসভাপতি অজয় ভট্টাচায, কোষাধ্যক্ষ গৌতম শইকীয়াকে ধৰি ন্যাসৰ সকলো সদস্য-সদস্যা-পৰিয়ালবৰ্গ উপস্থিত থাকে৷ অনুৰাগীৰ মৰম-৷ দ্ধাত আপ্লুত হৈ নিজৰ অনুভৱ ব্যক্ত কৰি ড॰ নগেন শইকীয়াই কয় যে জীৱনটো বৰ ক্ষণস্থায়ী৷ জন্মটো এটা সত্য৷ মৃত্যুৰ পিছত একো নাই৷ সঁচাকৈয়ে যদি মানুহে আন্তৰিকতাৰে কিবা এটা কৰে সেইটোৰ মূল্য পৃথিৱীত থাকি যায়৷ মানুহৰ প্ৰতি জীয়াই থকা অৱস্থাত অকণমান সহায় কৰিব পাৰি বা আনন্দ দিব পাৰি সেইটোৱেই মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাৰ্থকতা৷ গতিকে আমি জীৱনটোক যদি অনুভৱ কৰিবলৈ শিকো তেতিয়া আমি শূন্যতাৰ এক আভাষ পাব পাৰোঁ বুলিও সাহিত্যিক গৰাকীয়ে উল্লেখ কৰে৷
প্ৰেৰক বিভাস দুৱৰা