নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : নিখিল ৰাভা ছাত্ৰ সন্থাই ছয়গাঁৱৰ ঔগুৰিত কালি ৪৪সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সহযোগত কলিয়া কৃষ্ণ গোসাঁই খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ পুৱা নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ-সভাপতি মতিলাল বাকচকে সন্থাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে। ইয়াৰ পিছতে সহ: সম্পাদক বাসুদেৱ ৰাভাই শ্বহীদ তৰ্পণ কৰে আৰু গছপুলি ৰোপণ কৰে নিখিল ৰাভা জাতীয় পৰিষদৰ উপদেষ্টা নৰেন চন্দ্ৰ ৰাভা আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক জীৱন চন্দ্ৰ ৰাভাই। আবেলি নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ-সভাপতি মতিলাল বাকচকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে সন্থাৰ উপদেষ্টা চিৰাজ ৰুংদুংঙে। সভা উদ্বোধন কৰি উপদেষ্টা ৰুংদুংঙে কয় যে স্বৰাজোত্তৰ সময়ছোৱাৰে পৰা ৰাভাসকলক শাসক গোষ্ঠী তথা শাসক চৰকাৰৰ দ্বাৰা শোষিত, বঞ্চিত, লাঞ্ছিত, প্ৰতাৰিত তথা প্ৰৱঞ্চিত হৈ আহিছে। ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিকভাৱে ৰাভাসকলক দুৰ্বল কৰি পেলোৱা হৈছে। শাসক চৰকাৰৰ এনে বঞ্চনাৰ পৰা মুক্তি পাবৰ বাবেই সচেতন ৰাভা ছাত্ৰ নেতাসকলে ৰাভা ছাত্ৰ সন্থাৰ জন্ম দিছিল বুলি উপদেষ্টাগৰাকীয়ে মন্তব্য কৰে। আনহাতে, লোকসভা নিৰ্বাচনৰ আগতে যদি ৰাভাসকলক ষষ্ঠ অনুসূচী ক্ষমতা প্ৰদান নকৰে, তেন্তে যিকোনো মূল্যৰ বিনিময়ত চৰকাৰক শ’লঠেকত পেলাবলৈ সাজু হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। সভাত নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি বাবুল চন্দ্ৰ ৰাভাই নিখিল ৰাভা ছাত্ৰ সন্থা গঠনৰ প্ৰয়োজনীয়তা তথা ইয়াৰ ইতিহাস সভাত অৱগত কৰে। আনহাতে, সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ষষ্ঠ অনুসূচী দাবী সমিতিৰ উপ-সভাপতি ননী গোপাল ৰাভাই কয় যে ৰাভা জাতিৰ কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে যদিও ৰাভাসকল কেতিয়াও বিচ্ছিন্নতাবাদী নহয়। ভাৰতীয় সংবিধানৰ গণ্ডীত থাকি ৰাভা জাতিৰ সমস্যাসমূহ সমাধান কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। সভাত নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা, নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজ কুমাৰ ৰাভা, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস, গাৰো ছাত্ৰ সন্থাৰ অসম জ’নৰ সভাপতি ডলফিন আৰ মাৰাক, বায়খো হৰি অসমৰ সভাপতি প্ৰকাশ চন্দ্ৰ ৰাভাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
প্ৰেৰক বিশ্বজিৎ কলিতা