বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুগামীসকলৰ মাজত জন্মলাভ কৰা মৰিয়নিৰ হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱৰ বাৰ্ষিক মুখপত্ৰ ‘ৰোমন্থন’ৰ প্ৰথমটো সংখ্যা আজি উন্মোচন কৰা হয়। আজি ‘ৰোমন্থন’ৰ প্ৰথম সংখ্যাটো মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে। এই উপলক্ষ্যে আজি এক চমু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উন্মোচক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱ, মৰিয়নিৰ উপদেষ্টা তথা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, সভাপতি দীপেন চেতিয়া, সাধাৰণ সম্পাদক উত্তম ধৰ, সম্পাদক সুজিত দে আদি উপস্থিত থাকে। এই গ্ৰন্থখনত বিগত সময়ত হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱে গ্ৰহণ কৰা বিভিন্ন সামাজিক উন্নয়নমূলক কাৰ্য্যৰ বিষয় সন্নিবিষ্ট কৰা হৈছে। অনুষ্ঠানটোৱে ফেনচ ক্লাৱৰ তৰফৰ পৰাও মুখ্যমন্ত্ৰী ড° শৰ্মাক অভিনন্দন পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ শেহতীয়া কৰ্মৰাজিৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ইফালে, গ্ৰন্থখন ফেনচ ক্লাৱে ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিব বুলি ফেনচ ক্লাৱৰ সূত্ৰই জানিবলৈ দিছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া