নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈত বিশ্ব অনাতাঁৰ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : “ৰেডিঅ’, তথ্য, মনোৰঞ্জন আৰু শিক্ষা দানৰ এটা শতিকা” শীৰ্ষক থীমেৰে আজি দুধনৈত বিশ্ব অনাতাঁৰ দিৱস উদযাপন কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰই। এই ৰেডিঅ’ দিৱস টি আকাশবাণী গুৱাহাটী কেন্দ্ৰই দুধনৈ মহাবিদ্যালয়ৰ সহযোগত দুধনৈ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটিত উপস্থিত থাকে আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক আশীষ ভাটনাগৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক বিভাগৰ সঞ্চালক ৰবীন চন্দ্ৰ বড়ো, দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ললিত চন্দ্ৰ ৰাভা, সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক মুকুল ৰাভা,দুধনৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসন্মিলনৰ সভাপতি দিগন্ত কুমাৰ ৰাভা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি।অনুষ্ঠানত ৰাভা, বড়ো, গাৰো, কোচ-ৰাজবংশী সকলৰ কুষাণ নৃত্য পৰিৱেশন কৰাৰ লগতে অনাতাঁৰ শিল্পী হৰগোবিন্দ ডেকা, মহাবিদ্যালয়ৰ পলীৰাণী ৰাভা, ডিম্পী কলিতাই গীত পৰিবেশন কৰে ।ইপিনে অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ পূৱ মণ্ডল অতিৰিক্ত সঞ্চালক প্ৰধান আশীষ ভাটনাগৰে “গোৱালপাৰা ৱেভ “উন্মোচন কৰে ।আনহাতে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আয়োজন কৰা পোষ্টাৰ ডিজাইন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলৰ নাম ঘোষণা কৰে আৰু তিনি গৰাকী ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ হিচাপে ৰেডিঅ’ উপহাৰ দিয়ে। পুৰস্কাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী সকল হ’ল-শৰ্মিষ্ঠা বালা ৰয়,বিস্ময় জ্যোতি নাথ আৰু ৰাহুল ৰাভা। বিশ্ব ৰেডিঅ দিৱসৰ আজিৰ অনুষ্ঠানৰ জৰিয়তে আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ পূৱ মণ্ডল অতিৰিক্ত সঞ্চালক প্ৰধান আশীষ ভাটনাগৰে ঘোষণা কৰে যে,আজিৰ পৰা আকাশবাণী গুৱাহাটীৰ গোৱালপাৰা আৰু দুধনৈত এফ এম ট্ৰেন্সমিটাৰ ১০২.৬ আৰু ১০০.১ মুকলি কৰা হয় আৰু এই ট্ৰেন্সমিটাৰৰ জৰিয়তে প্ৰতি মঙ্গলবাৰে সন্ধিয়া ৭-২০ বজাত “গোৱালপাৰাৰ ৰেঙনি “নামেৰে এটি আধা ঘণ্টাৰ অনুষ্ঠান প্ৰচাৰ কৰা হব। যি অনুষ্ঠানৰ জৰিয়তে গোৱালপাৰাৰ ইতিহাস, তথা বৰ্ণিল ক’লা-কৃষ্টি সংস্কৃতি প্ৰতিফলিত হ’ব ৷ অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবীন চন্দ্ৰ বড়োই ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনাই কয়- ছাত্ৰ-ছাত্ৰী সকলে বিয়া, জন্মদিন আদিকে ধৰি অন্যান্য অনুষ্ঠানত একোটাকৈ ৰেডিঅ’ উপাহাৰ দিয়ক। যাৰ দ্বাৰা ৰেডিঅ’ৰ হেৰাই যোৱা জনপ্ৰিয়তা উদ্ধাৰ হোৱাত সহায় হ’ব ৷ ইপিনে সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক মুকুল ৰাভাই আকাশবাণীৰ অতীতৰ কথা ৰোমন্থন কৰি বহু স্মৰণীয় কথাৰে নষ্টালজিক হৈ পৰে ।আনহাতে দুধনৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সভাপতি দিগন্ত কুমাৰ ৰাভাই ভাষণ প্ৰসঙ্গত কয়-ৰেডিঅ’ সকলো শ্ৰেণীৰ লোকৰ বাবে আৰু সকলোৰে প্ৰিয় এটি মাধ্যম।

প্ৰেৰক বেনজিন বড়ো

You might also like