বকো আৰক্ষী থানাৰ উদ্যোগত পথ সুৰক্ষা সজাগতা অভিযান
১৭ নং ৰাষ্ট্ৰীয় ঘাইপত শতাধিক বাইকৰ সজাগতা সমদল
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী:: যোৱা ১৫ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে মাহজোৰা কাৰ্যসূচীৰে চলি থকা পথ সুৰক্ষা সজাগতা অভিযানৰ অংশ হিচাবে আজি কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ উদ্যোগতো অনুষ্ঠিত হয় পথ সুৰক্ষা সজাগতা অভিযান ৷ এই উপলক্ষে বকো থানা চৌহদৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় শতাধিক বাইকেৰে উলিওৱা হয় এক সজাগতা সলদল৷ উক্ত পথ সজাগতা সমদল উদ্বোধন কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথে৷ পথ সজাগতা সমদল মুকলি কৰি আৰক্ষী বিষয়া গৰাকীয়ে সুৰক্ষিত হৈ বাহন চলাবলৈ সকলোকে আহ্বান জনায় ৷ ইফালে, পথ সুৰক্ষা উপলক্ষে ৰাইজক সজাগ কৰি তুলিবলৈ প্ৰায় শতাধিক বাইকেৰে উলিওৱা সজাগতা সমদল বকো থানাৰ পৰা বকো চহৰৰ মাজেৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লামপাৰালৈ আৰু লামপাৰাৰ পৰা চুকুনীয়া হৈ পুনৰাই বকো থানাতে সামৰণী পৰে৷ এই সজাগতা সমদলত বকো আৰক্ষী থানাৰ আৰক্ষী বাহিনী, যান-বাহন আৰক্ষী আৰু বকোৰ বিভিন্ন দল-সংগঠনৰ লোকৰ লগতে বকোৰ সংবাদকৰ্মীয়ে অংশ গ্ৰহণ কৰে।
প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন