নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় যুদ্ধ স্মাৰকৰ প্রথম বর্ষপূর্তি

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ শ্বহীদক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এনডিএ চৰকাৰে নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ কাষত নির্মাণ কৰা ৰাষ্ট্রীয় যুদ্ধ স্মাৰকৰ মঙলবাৰে প্রথম বর্ষপূর্তি পালন কৰা হয়৷ ২০১৯ৰ আজিৰ দিনটোতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্রীয় যুদ্ধ স্মাৰক দেশবাসীৰ নামত উৎসর্গা কৰিছিল৷ এই উপলক্ষে আগবঢ়োৱা ভাষণত প্রধানমন্ত্রী মোদীয়ে কৈছিল যে দেশৰ নিৰাপত্তাৰ বাবে প্রাণ বিসর্জন দিয়া বীৰ সেনা জোৱানসকলৰ স্মৃতিত এই যুদ্ধ স্মাৰকৰ নির্মাণ কৰি উলিওৱা হৈছে৷ দীর্ঘদিন ধৰি এনেধৰণৰ এক যুদ্ধ স্মাৰকৰ দাবী উত্থাপন হৈ আছিল যদিও কোনো এখন চৰকাৰে বিষয়টোক গুৰুত্বসহকাৰে লোৱা নাছিল৷ কালিৰ অনুষ্ঠানত চীফ অৱ ডিফেন্স ষ্টাফ অর্থাৎ তিনিওটা বাহিনীৰ মুৰব্বী বিপিন ৰাৱটে ৰাষ্ট্রীয় যুদ্ধ স্মাৰকত দেশৰ বীৰ শ্বহীদসকলক শ্রদ্ধাঞ্জলি নিবেদন কৰে৷

You might also like