নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবু ধাবিত প্রথমটো হিন্দু মন্দিৰ উদ্বোধন প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ আবু ধাবিত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রথমটো হিন্দু মন্দিৰ উদ্বোধন কৰে৷ হিন্দু মন্দিৰটো আজি বিয়লি প্রধানমন্ত্রী মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছত মন্দিৰটোত প্রার্থনাও জনাই প্রধানমন্ত্রীগৰাকীয়ে৷ ভাৰত আৰু সংযুক্ত আমিৰশ্বাহিৰ মাজত সম্পর্কৰ গভীৰতাৰ এক নতুন গতি হিচাপে পৰিচিত হৈছে এই বিশাল হিন্দু মন্দিৰটো৷ ইউএইৰ ৰাষ্ট্রপতি শ্বেখ মহম্মদ বিন জায়েদ অল–নাহিয়ানে দান কৰা ২৭ একৰ ভূমিত ৭০০ কোটি টকা ব্যয়সাপেক্ষে হিন্দু মন্দিৰটো নির্মাণ কৰা হৈছে৷ বিএপিএছ হিন্দু মন্দিৰ হিচাপে জনাজাত এই মন্দিৰটোৰ উচ্চতা ১০৮ ফুট৷ উল্লেখ্য যে ২০১৫ চনত এই হিন্দু মন্দিৰটো নির্মাণ কৰিবলৈ ৰাষ্ট্রপতি অল–নাহিয়ানে ১৩.৫ একৰ ভূমি দান দিছিল৷ ৩ বছৰ পিছত সেই মন্দিৰটোৰ আধাৰশিলা স্থাপন কৰিছিল প্রধানমন্ত্রী মোদীয়ে৷ ২০১৯ চনত নির্মাণ আৰম্ভ হোৱা মন্দিৰটোৰ বাবে পিছলৈ পুনৰ ১৩.৫ একৰ ভূমি দান দিয়া হয়৷ অর্থাৎ মুঠ ২৭ একৰ ভূমিত বিএপিএছ হিন্দু মন্দিৰটো নির্মাণ কৰা হৈছে৷ বোছাসন্ন্যাসী শ্রীক্ষৰ পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থা চমুকৈ বিএপিএছে নির্মাণ কৰা হিন্দু মন্দিৰটো অল–ৰাবাৰ সমীপৰ আবু ম্রেইখত অৱস্থিত৷ আবু ধাবিত ঐতিহাসিক হিন্দু মন্দিৰ উদ্বোধন কৰাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে ডুবাইত বিশ্ব চৰকাৰ সন্মিলনত অংশগ্রহণ কৰে৷ সন্মিলনত সন্মানীয় অতিথি হিচাপে বিশ্বৰ নেতাক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে ভাৰতৰ চৰকাৰৰ সফলতাৰ মূলমন্ত্রসমূহ ব্যাখ্যা কৰে৷ ‘চব কা সাথ, চব কা বিকাশ’ মন্ত্রৰে দেশক নতুন গতিৰে আগবঢ়াই নিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে বিগত বছৰত চৰকাৰৰ প্রতি জনতাৰ আস্থা বৃদ্ধি পাইছে বুলি কয়৷ সন্মিলন সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে, নাগৰিকে চৰকাৰৰ পৰা হেঁচা কিম্বা অভাৱ পোৱা উচিত নহয়৷ নিকা, স্বচ্ছ আৰু প্রযুক্তিগত চৰকাৰৰ প্রয়োজন৷ সংহত, স্বচ্ছতা আৰু সেউজ শক্তিক গুৰুত্ব দি সু–প্রশাসনৰ প্রয়োজনীয়তাৰ কথা সজোৰে উত্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে সামাজিক আৰু বিত্তীয় অন্তর্ভুক্তিৰে ভাৰতৰ বিকাশৰ ধাৰা আগবঢ়াই নিবলৈ সক্ষম হৈছে বুলি কয়৷ ভাৰতৰ বিকাশৰ পৰা সন্ত্রাসবাদ নির্মূলৈকে বিভিন্ন বিষয়ত ব্যাখ্যা আগবঢ়াই প্রধানমন্ত্রী মোদীয়ে বিশ্ব নেতৃত্বৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷ ইপিনে কালি আবু ধাবিত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে দেশখনৰ ৰাষ্ট্রপতি অল–নাহিয়ানৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ কেইবাখনো গুৰুত্বপূর্ণ চুক্তি সম্পন্ন কৰে৷ প্রৱাসী ভাৰতীয়ই আয়োজন কৰা আহলান মোদী কার্যসূচীতো অংশগ্রহণ কৰি প্রধানমন্ত্রীগৰাকীয়্ প্রৱাসী ভাৰতীয়ক ভূঁয়সী প্রশংসা কৰে৷

You might also like