নিয়মীয়া বাৰ্তা, ১৫ ফ্ৰেব্ৰুৱাৰীঃ সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় যুৱ কবি তথা ‘নদী আৰু নাৰী’ৰ প্ৰতিষ্ঠাপক ৰুনাল্ডো টাইদক অন্যভুবন আন্তর্জাতিক কবি সন্মিলনে অহা ১৯ এপ্ৰিল ২০২৪ তাৰিখে বাংলাদেশৰ ঢাকাত বিশাল আয়োজন আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া উক্ত অনুষ্ঠানলৈ কবি ৰনাল্ডো টাউদক নিমন্ত্ৰণ দিছে। ইতিমধ্যে তেওঁ বহুকেইখন কাব্য গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ বৰঙণি যোগাই আহিছে তেওঁ। তেওঁৰ কাব্য সংকলনসমূহ ক্ৰমে নাৰীবোৰ ধুনীয়া ফুল হৈ ফুলি থাকক (২০১৫), ডেছডিমনা তোমাৰ প্ৰেমিক হব খোজো মই (২০১৬), চম্পাৱতী নেখেদিবি তই বতা চৰাই ( ২০১৬), নাৰীবোৰেই সুখী হওক (২০১৮), কবি হোৱা ইমান সহজ কথা নহয় (২০২৩)। আজিৰ পৰা প্ৰায় তিনি দশক জুৰি কবিতা চৰ্চা কৰি অহা কবি ৰনাল্ডো টাইদৰ বাংলাদেশৰ ৰাজধানী চহৰ ঢাকালৈ অন্যভুবন আন্তৰ্জাতিক কবি সন্মিলনলৈ কবিতা পাঠৰ বাবে নিমন্ত্ৰণত কবিতাপ্ৰেমী ৰাইজে আনন্দ প্ৰকাশ কৰিছে।
প্ৰেৰক পৰাগ বৰুৱা