নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত জগন্নাথ মন্দিৰৰ বিগ্ৰহ প্ৰাণপ্ৰতিষ্ঠাত মন্ত্ৰী অশোক সিংহল

বিশেষ বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ ঢেকীয়াজুলিৰ তিনখৰিয়া চাহ বাগিচাত মহাপ্রভু শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ বিগ্ৰহ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত হয়৷ ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্তিম দিনটোত এক পৱিত্ৰ ক্ষণত ঢেকীয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে উৰিষ্যাৰ মহাপ্ৰভু শ্ৰীশ্ৰীজগন্নাথ মন্দিৰৰ পৰা অহা পূজাৰীয়ে পৱিত্ৰ মন্ত্ৰোচ্চাৰণেৰে কৰা বিগ্ৰহ প্ৰাণ প্ৰতিষ্ঠাত মূল হোতাৰূপে উপস্থিত থাকে৷ শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ বিগ্ৰহ প্ৰাণ প্ৰতিষ্ঠাত মূল হোতাৰূপে উপস্থিত থাকি অশোক সিংহলে মহাপ্ৰভুৰ প্ৰাণ প্ৰতিষ্ঠাৰ অন্তত সংবাদ মাধ্যমত জনায় যে আমাৰ নিজৰ এটা সংস্কাৰ আছে,নিজৰ নিজৰ সংস্কৃতি আছে৷ এনে পৱিত্ৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ সংস্কৃতি আৰু সংস্কাৰ ৰক্ষা কৰিব পাৰি বুলি মই ভাবো৷ জাতি আৰু সমাজ জীয়াই থাকিবলৈ আগবাঢ়ি যাবলৈ সংস্কাৰ আৰু সংস্কৃতি বৰ্তাই ৰাখিব লাগে। মন্দিৰ, নামঘৰ আৰু সত্ৰসমূহে এইক্ষেত্ৰত বহুত অৰিহণা যোগায়। সেইবাবে আজি এই মন্দিৰভাগিৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাত আমি বহুত আনন্দিত। ৰাইজৰ বহুদিনীয়া এক আশা প্ৰভুৰ আশীৰ্বাদত আজি সম্পূৰ্ণ হৈছে। তিনখৰিয়া চাহ বাগিচাৰ ২০ বিঘা মাটিত স্থাপিত শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভুৰ মন্দিৰভাগিয়ে অঞ্চলটোত আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে অশোক সিংহলে৷ শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ বিগ্ৰহ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত উপস্থিত থাকি কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ভীমানন্দ তাঁতিয়ে স্থানীয় বিধায়ক অশোক সিংহলৰ তৎপৰতাত ৰাইজৰ বহুদিনৰ এক আশা পূৰণ হ’ল বুলি কৈ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলক ভূয়সী প্ৰশংসা কৰে ৷ আজি এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত কংগ্ৰেছ বিজেপি বুলি একো নাই এক ধৰ্মীয় অনুষ্ঠান হিচাপে আমি একেলগে কাম কৰিছো বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ভীমানন্দ তাঁতিয়ে৷ প্ৰায় দুই সহস্ৰাধিক লোকৰ উপস্থিতিত শ্ৰীশ্ৰীজগন্নাথ মন্দিৰৰ বিগ্ৰহ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত হোৱাত বৃহত্তৰ অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like