নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত এইড্ছ–ড্রাগ্ছৰ ভয়াৱহতা

অসমত শেহতীয়াভাৱে এইচ আই ভি প’জিটিভৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ চৰকাৰৰ তৰফৰ পৰা এই উদ্বেগজনক তথ্য প্রকাশ কৰা হৈছে৷ তথ্য অনুসৰি যোৱা বছৰলৈ ৰাজ্যখনত চিনাক্ত হোৱা এইচ আই ভি প’জিটিভৰ সংখ্যা হৈছে ৩১,৭২৯গৰাকী৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই বিধানসভাত দিয়া তথ্য অনুসৰি, ২০০২ চনৰ পৰা ২০২৩ চনৰ ডিচেম্বৰপর্যন্ত ৮৯,৮৪,৫১৯গৰাকী লোকৰ এইচ আই ভি পৰীক্ষা কৰাৰ পিছত ৩১,৭২৯গৰাকী লোক এইচ আই ভি প’জিটিভ বুলি চিনাক্ত কৰা হৈছে৷ নিশ্চিতভাৱে অসমৰ জনগণৰ কাৰণে এয়া সঁচাকৈয়ে এক চিন্তনীয় বিষয়৷ তথ্য অনুসৰি কেৱল ২০২৩ চনতে ৫,৭৯১গৰাকী ব্যক্তি এইচ আই ভি প’জিটিভ বুলি চিনাক্ত কৰা হৈছে৷ বিগত বছৰটোত ৯,৯০,৩৭২গৰাকী ব্যক্তিৰ এইচ আই ভি পৰীক্ষা কৰা হৈছিল৷ ইয়াতকৈও গুৰুত্বপূর্ণ কথাটো হ’ল ছিৰিঞ্জেৰে ড্রাগ্ছ গ্রহণ কৰাৰ ফলতে ব্যাপক হাৰত সংক্রমিত হৈছে আৰু এইচ আই ভি প’জিটিভৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ সম্প্রতি চৰকাৰে ড্রাগ্ছ নির্মূলৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ চৰকাৰে গ্রহণ কৰা এনে পদক্ষেপৰ ফলতে ড্রাগ্ছ আসক্তৰ সংখ্যা ৰাজ্যখনত বহু পৰিমাণে হ্রাস পোৱা বুলি ধাৰণা কৰা হৈছে৷ কাৰণ বিগত সময়ছোৱাত আৰক্ষীৰ হাতত ধৰা পৰিছে বহু ড্রাগ্ছ সৰবৰাহকাৰী তথা অবৈধ ব্যৱসায়ী৷ আনকি ড্রাগ্ছ সৰবৰাহকাৰীৰ সৈতে হোৱা সংঘর্ষত কেইবাজনো সৰবৰাহকাৰী আহত হোৱাৰ বাতৰিয়েও শিৰোনাম দখল কৰি আহিছে৷ কিন্তু প্রকৃতার্থত ড্রাগ্ছৰ বেহা যে আশানুৰূপভাৱে হ্রাস পোৱা নাই সেই কথা প্রমাণিত কৰিলে এইচ আই ভি প’জিটিভৰ সংখ্যাই৷ কাৰণ অসমত ভয়ানকভাৱে বৃদ্ধি পোৱা এইচ আই ভি প’জিটিভৰ অন্যতম কাৰণটোৱেই হৈছে ছিৰিঞ্জৰ জৰিয়তে ড্রাগ্ছ গ্রহণ কৰাটো৷ সেইবাবে ড্রাগ্ছৰ কৰাল গ্রাসৰ পৰা যুৱ সমাজক মুক্ত কৰিব নোৱাৰিলে অনাগত সময়ছোৱাত এইড্ছৰ ভয়াৱহতাই অসমৰ সমাজ জীৱনত এক বিৰূপ প্রভাৱ পেলোৱাটো নিশ্চিত৷ স্বাস্থ্যমন্ত্রীগৰাকীয়ে সদনত দিয়া তথ্যই প্রমাণিত কৰিছে যে ৰাজ্যৰ বহুকেইখন জিলাত এইচ আই ভি প’জিটিভৰ সংখ্যাই উদ্বেগৰ সৃষ্টি কৰিছে৷
তথ্য অনুসৰি ৰাজ্যখনত চিনাক্ত হোৱা মুঠ ৩১,৭২৯গৰাকী এইচ আই ভি প’জিটিভ লোকৰ ভিতৰত কামৰূপ মহানগৰতে ৮,৯৬০গৰাকী ব্যক্তি চিনাক্ত হৈছে৷ একেদৰে কাছাৰ জিলাত ৫,৮২৩গৰাকী, নগাঁও জিলাত ৩,০৪৯গৰাকী, ডিব্রুগড় জিলাত ১,৭৩৬গৰাকী, যোৰহাটত ১,১০৮গৰাকী আৰু কৰিমগঞ্জ জিলাত ১,০৬৩গৰাকী এইচ আই ভি প’জিটিভ ব্যক্তি চিনাক্ত কৰা হৈছে৷ মন কৰিবলগীয়া কথা যে পূর্বে এইচ আই ভি প’জিটিভৰ সংখ্যা বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হিচাপে অবাধ যৌন সম্পর্কক দোষাৰোপ কৰা হৈছিল৷ কিন্তু সম্প্রতি ছিৰিঞ্জেৰে ড্রাগ্ছ লোৱাৰ প্রক্রিয়াক ইয়াৰ অন্যতম কাৰণ হিচাপে চিনাক্ত কৰা হৈছে৷ কাৰণ প্রায় ৫০ শতাংশ ড্রাগ্ছ ব্যৱহাৰ কৰা লোকৰ ক্ষেত্রতে এইচ আই ভি প’জিটিভ দেখা গৈছে৷ এতিয়া প্রশ্ণ হৈছে ড্রাগ্ছ তথা এইচ আই ভি প্রতিৰোধৰ বাবে চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ কাৰণ ক’ভিডৰ পিছৰ সময়ছোৱাত এইচ আই ভি প্রতিৰোধৰ বাবে সজাগতাৰ অভাৱ পৰিলক্ষিত হৈছে৷ এই সম্পর্কে জনসাধাৰণক সজাগ কৰিব নোৱাৰিলে ইয়াক প্রতিৰোধ কৰা সম্ভৱ নহ’ব৷ অৱশ্যে বিধানসভাত দিয়া তথ্য অনুসৰি ৰাজ্য চৰকাৰে এইক্ষেত্রত বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়ে সদৰী কৰা অনুসৰি এনএচিঅ’ মাণ্ডেট অনুসৰি এইচ আই ভি প’জিটিভ লোকক চিনাক্ত আৰু নিশ্চিতকৰণ ষ্টেণ্ড এল’ন ইণ্টিগ্রেডেট কাউঞ্চেলিং এণ্ড টেষ্টিং চেণ্টাৰ (আইচিটিচি)ত কৰা হয়৷ সেয়েহে চিনাক্ত আৰু নিশ্চিতকৰণৰ সম্পূর্ণ তথ্য আইচিটিচিৰ দ্বাৰা অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্রণ সমিতিক উপলব্ধ কৰোৱা হয়৷ অসমত সর্বমুঠ ১০৭টা ষ্টেণ্ড এল’ন আইচিটিচি বর্তমান ৰাজ্যিক এইড্ছ নিয়ন্ত্রণ কমিটীৰ অধীনত কর্মৰত হৈ আছে৷ চৰকাৰৰ অধীনত ব্যাপক হাৰত এইচ আই ভি সজাগতা সৃষ্টি কৰাৰ বাবেই শেহতীয়াভাৱে এই পৰীক্ষাৰ বাবে বহু লোক নিজেই আগবাঢ়ি অহা বুলি তেওঁ জানিবলৈ দিছে৷ কিন্তু শেহতীয়া তথ্যই প্রমাণ কৰিছে যে এতিয়াও এইচ আই ভি প’জিটিভৰ সংখ্যা হ্রাস কৰাৰ বাবে চৰকাৰে গ্রহণ কৰা ব্যৱস্থা পর্যাপ্ত নহয়৷ বিশেষকৈ ড্রাগ্ছ নিবাৰণৰ ক্ষেত্রত চৰকাৰে আৰু অধিক গুৰুত্ব প্রদান কৰিব লাগিব৷ প্রতিবছৰে ড্রাগ্ছ আসক্ত যুৱক–যুৱতীৰ মৃত্যুৰ সংখ্যাও ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ এই অৱস্থা অব্যাহত থাকিলে অতি কম দিনৰ ভিতৰতে ড্রাগ্ছ আৰু এইচ আই ভিৰ বিৰূপ প্রভাৱে অসমৰ যুৱ সমাজক ধ্বংসৰ গৰাহলৈ ঠেলি দিব৷ সম্প্রতি চৰকাৰে এই বিষয়টো ৰাজ্যৰ অন্যতম প্রধান ব্যাধি হিচাপে গ্রহণ কৰিব লাগিব৷ সেয়া হ’লেহে এক ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰিব নতুন প্রজন্ম৷

You might also like