নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদীৰ ধনেৰে সমৃদ্ধ ধনকুবেৰ মাস্কৰ ‘এক্স’

🔹 মাইক্র’ ব্লগিং ছাইটৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

বিশেষ বাৰ্তা, ১৭ ফেব্রুৱাৰী : সন্ত্রাসবাদীৰ ধনেৰে সমৃদ্ধ হৈছে মাইক্র’ ব্লগিং ছাইট ‘এক্স’! ধনৰ বিনিময়ত হেনো জেহাদৰ বিহ বিয়পাই দিয়া হৈছে জনপ্রিয় প্লেটফর্মটোৰ পৰা! শেহতীয়াকৈ পোহৰলৈ অহা এক চাঞ্চল্যকৰ প্রতিবেদনত এই দাবী কৰা হৈছে৷ সংবাদ সংস্থা বিবিচিৰ সূত্রই সদৰী কৰা অনুসৰি শেহতীয়াকৈ ‘টেক ট্রেন্সপাৰেঞ্চী প্রজেক্ট’ নামৰ এটা সংস্থাই এক প্রতিবেদন প্রকাশ কৰিছে৷ এই প্রতিবেদনত ‘এক্স’ সন্দর্ভত বিস্ফোৰক দাবী কৰা হৈছে৷ উল্লেখ কৰা হৈছে যে আমেৰিকাত নিষিদ্ধ সন্ত্রাসবাদী সংগঠনবোৰে ‘এক্স’ হেণ্ডেল ব্যৱহাৰ কৰিছে৷ অকল সেয়াই নহয়, ধন দি সন্ত্রাসবাদীয়ে নিজৰ হেণ্ডেলৰ বাবে ‘ব্লু টিক’ ক্রয় কৰিছে৷ মাত্র কেইডলাৰমানৰ বিনিময়ত ‘এক্স’ক প্রচাৰৰ হাথিয়াৰ বনাই লৈছে জেহাদীবোৰে৷ এই সকলো কথা জানিও ধনকুবেৰ এলন মাস্ক নীৰৱে আছে৷ প্রতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে ধনৰ বিনিময়ত ‘এক্স’ হেণ্ডেলত প্রচাৰ কৰা সম্ভৱ বাবেই ভুৱা সংবাদ পৰিৱেশন প্রতিৰোধৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হৈছে৷ আইনলৈও ই প্রত্যাহ্বান কঢ়িয়াই আনিছে৷ উল্লেখ্য যে মাত্র ৮ ডলাৰৰ বিনিময়ত ‘ব্লু টিক’ সেৱা প্রদান কৰিছে ‘এক্স’–এ৷ ইয়াৰ ফলত ‘এক্স’ত দীঘলীয়া পোষ্ট লিখিব পাৰি আৰু অধিক প্রচাৰো চলোৱাটো সম্ভৱ৷ হিজবুল্লা, আল–কায়দা, ইছলামিক ষ্টেট আদি জেহাদী সংগঠনে এই সেৱাৰ দ্বাৰা উপকৃত হৈছে৷

You might also like