নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : ৰাজনীতিৰ ক্ষেত্ৰখনত গৌৰৱ গগৈয়ে পেৰাচুটেৰে লেণ্ডিং কৰিছে। গৌৰৱ গগৈয়ে সাংসদ হোৱাৰ আগতে কোনখন গাঁৱৰ বোকাপানী গচকিছিল? পৈত্ৰিক সম্পত্তি স্বৰূপেহে গৌৰৱ গগৈয়ে সাংসদ হৈছে। নিজৰ খুড়াকক আঁতৰ কৰি উপ-নিৰ্বাচনৰ জড়িয়তেহে গৌৰৱ গগৈয়ে সাংসদ হৈছে। গৌৰৱ গগৈয়ে খেতিপথাৰত নামি পোৱা নাই। গৌৰৱ গগৈক জোকে খাই পোৱা নাই বা বিছায়ো দাকি পোৱা নাই। সেয়ে গৌৰৱ গগৈয়ে সাধাৰন ৰাইজৰ চিন্তা কেনেকৈ কৰিব। আজি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এনেদৰে সমালোচনাৰে থকা সৰকা কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক। কমলপুৰ সমষ্টিৰ বাইহাটাত দেৱাল অংকন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এইদৰে কয় সাংসদগৰাকীয়ে। লগতে সাংসদ দিলীপ শইকীয়াই এইবুলিও কয় যে যদিহে গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় তেনেহলে বিজেপি বা এনডিএৰ প্ৰাৰ্থীক সৰ্বশক্তি প্ৰয়োগ কৰি বিজেপিয়ে জয়ী কৰাব। বাইহাটা পঞ্চায়তৰ অন্তৰ্গত গোপাল মন্দিৰৰ দেৱালত পদুম ফুলৰ চিহ্ন অংকন কৰি সাংসদগৰাকীয়ে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই কঁকালত টঙালি বান্ধি সাজু হৈছে বুলিও সদৰী কৰে।
প্ৰেৰক দীপক দাস