বিশেষ বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত অঘটন। তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰে উচ্চ নিৰাপত্তাসম্পন্ন ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ এন এছ এ(ৰাষ্ট্ৰীয় নিৰাপত্তা আইন) চেলৰ পৰা এটা চোৰাংচোৱা কেমেৰাৰ পেন, স্মাৰ্টফোন, আৰু অন্যান্য সামগ্ৰী জব্দ কৰাক লৈ হৈছে তীব্ৰ চাঞ্চল্য। খালিস্থানৰ উগ্ৰ সমৰ্থক ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বী অমৃতপল সিং আৰু তেওঁৰ ৯ জন সহযোগীক কাৰাৰুদ্ধ কৰি থোৱা কোঠাৰ ভিতৰতে এনে আপত্তিজনক সামগ্ৰী উদ্ধাৰক লৈয়ে হৈছে ব্যাপক উৎকণ্ঠাৰ লগতে বহু প্ৰশ্নৰ অৱতাৰণা হৈছে।২৪ ঘন্টাই তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থাৰে অৰ্হনিষে চিচি কেমেৰাৰ নিৰীক্ষণত থকা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত এনে ঘটনাই সকলোৰে চকু কপালত তুলিছে। জানিব পৰা অনুসৰি আজি পুৱা কাৰাগাৰৰ কৰ্মচাৰীয়ে কাৰাগাৰ চৌহদত তালাচী চলাই বন্দীসকলৰ হাতত কেইবাটাও অকৰ্তৃত্বশীল তথা আপত্তিজনক ইলেকট্ৰনিকচৰ সামগ্ৰী উদ্ধাৰ কৰে।জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত চিম কাৰ্ড থকা এটা স্মাৰ্টফোন, এটা কিপেড ফোন, এটা কিবৰ্ড থকা টিভি ৰিম’ট, এটা স্পাই-কেম পেন, পেন ড্ৰাইভ, ব্লুটুথ হেডফোন আৰু স্পীকাৰসহ এটা স্মাৰ্টৱাচ আছে।অতি কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে পৰিচিত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ এন এছ এ চেলৰ ভিতৰত অত্যাধুনিক যন্ত্ৰ উদ্ধাৰে জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনৰ মাজতো যথেষ্ট কৌতূহলৰ সৃষ্টি কৰিছে।সকলোকে হতভম্ব কৰা এনে আপত্তিজনক(কাৰাগাৰৰ ভিতৰত) সামগ্ৰী উদ্ধাৰৰ পিছতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) পাপৰী চেতিয়া আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ছিজল আগৰৱালে কাৰাগাৰলৈ ততাতৈয়াকৈ গৈ ইতিপূৰ্বেই কাৰাগাৰত স্থাপিত কৰা নিৰাপত্তা ব্যৱস্থাৰ সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা আৰু পৰিদৰ্শন কৰি জিলা কেন্দ্ৰীয় কাৰাগাৰ এক অধীক্ষকৰ সৈতে বৈঠকত মিলিত হৈ নিৰাপত্তাজনিত সম্ভাৱ্য সকলো ত্ৰুটিৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ। অৱশ্যে এই ঘটনা সন্দৰ্ভত কোনো ধৰণৰ ৰাজহুৱা বক্তব্য দিয়াৰ পৰা বিৰত আছে আৰক্ষী বিষয়াসকল।সূত্ৰৰ পৰা জানিব পৰা মতে, উচ্চ নিৰাপত্তাসম্পন্ন ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ কেনেকৈ এনে অকৰ্তৃত্বশীল সামগ্ৰীসমূহ চোৰাংভাৱে অনা হৈছিল আৰু কেনেকৈ ৱাৰিছ পঞ্জাব ডি বন্দীসকলৰ হাতত পৰিল, সেই বিষয়ে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব। জানিব পৰা মতে জেল ৱাৰ্ডেন আৰু কৰ্মচাৰীৰ উপৰিও ৱাৰিছ পঞ্জাৱ ডিৰ সদস্যসকলৰ অধিবক্তা আৰু পৰিয়ালৰ সদস্যসকলে সপ্তাহত এবাৰ বৃহস্পতিবাৰে জেলৰ চৌহদৰ ভিতৰত লগ পোৱাৰ অনুমতি আছে।তাৎপৰ্যপূৰ্ণভাৱে ডিব্ৰুগড় কাৰাগাৰৰ নিৰাপত্তাৰ তদাৰকীৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তাৰক্ষী)ৰ পদটো এ এছ পি (নিৰাপত্তা) ডেভিদ আৰ নেইংগাইটেক গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ বদলি হোৱাৰ পিছত জানুৱাৰী মাহৰ পৰা খালী হৈ আছে। এনে এক গুৰুত্বপূৰ্ণ পদটো খালী হোৱাটোৱে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ নিৰাপত্তাত কিবা শিথিলতা আহিছিল নেকি বুলিও সৰব চচা চলিছে।খালিস্তানী সমৰ্থক তথা ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপল সিঙক পঞ্জাৱত গ্ৰেপ্তাৰ হোৱাৰ পিছত ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। তেওঁৰ লগত আছে ৯ জন ঘনিষ্ঠ সহযোগী।সকলোকে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু হিংসাক উচটনি দিয়া, হত্যাৰ চেষ্টা, আৰক্ষী জোৱানক আক্ৰমণ কৰাৰ পৰা আৰম্ভ কৰি আইন প্ৰয়োগকাৰী সংস্থাসমূহক বাধা প্ৰদান কৰাৰ লগতে অন্যান্য অপৰাধমূলক কাৰ্যৰ বাবেই ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। ডিব্ৰুগড় কাৰাগাৰত বন্দী অমৃতপল সিঙৰ সহযোগীসকল হ’ল ক্ৰমে পাপলপ্ৰীত সিং, দলজীত সিং কালসী, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহাল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং (অমৃতপল সিঙৰ ককাক), বসন্ত সিং, গুৰিন্দৰ সিং আউজলা আৰু ভগৱন্ত সিং ওৰফে প্ৰধান মন্ত্ৰী বাজেকে। উল্লেখযোগ্য যে ১৮৫৯ চনত নিৰ্মিত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰখন উত্তৰ-পূবৰ আটাইতকৈ পুৰণি কাৰাগাৰ। য’ত ৬৮০ জন বন্দী থকাৰ সকলো সুবিধা আছে।জানিব পৰা অনুসৰি বৰ্তমানে কাৰাগাৰখনত ৩৩০ জনতকৈও কম কয়দী ভৰ্তি হৈ আছে।আনহাতেদি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত ঘটনাৰ সন্দৰ্ভত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি কয়, “অসমৰ ডিব্ৰুগড় কাৰাগাৰত এন এছ এৰ বন্দীসকলৰ কোষত সংঘটিত হোৱা অকৰ্তৃত্বশীল কাৰ্যকলাপৰ তথ্য লাভ কৰাৰ লগে লগে এন এছ এ ব্লকৰ ৰাজহুৱা স্থানত অতিৰিক্ত চি চি টি ভি কেমেৰা স্থাপন কৰা হৈছে। এন এছ এ চেলৰ চৌহদত আজি পুৱাই জেলৰ কৰ্মচাৰীয়ে অনুসন্ধান কৰি চিম, কিপেড ফোন, কিবৰ্ডৰ সৈতে টিভি ৰিম’ট, স্পাই-কেম পেন, পেন ড্ৰাইভ, ব্লুটুথ হেডফোন আৰু স্পীকাৰ আৰু স্মাৰ্টৱাচৰ সৈতে স্মাৰ্টফোন উদ্ধাৰ কৰে।এই অকৰ্তৃত্বশীল সামগ্ৰীসমূহৰ উৎস আৰু প্ৰৱেশৰ ধৰণ সন্দৰ্ভত ইতিমধ্যে নিশ্চিত কৰা হৈছে।পৰৱৰ্তী সময়ত যাতে আৰু পুনৰাবৃত্তি নহয় তাৰ প্ৰতিৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।”
প্ৰেৰক বিভাস দুৱৰা