নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰৰ দ্ৰোপাং নৈৰ মথাউৰিত অনৈতিক কাৰ্য : উদ্বিগ্ন স্থানীয় লোক

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ নাৰায়ণপুৰত ত্ৰাসৰ কাৰণ হৈ পৰিছে এটা মথাউৰি।বিভাগীয় কৰ্তৃপক্ষৰ চুড়ান্ত অৱহেলা-অকৰ্মণ্যতাৰ পৰিণতিত হাবি জংঘলেৰে ভৰি পৰা অঞ্চলটোৰ ৰক্ষাকবচ স্বৰূপ মথাউৰিটো সম্প্ৰতি পৰ্যবসিত হৈছে মদ, জুৱা, ড্ৰাগছৰ ঘাটিলৈ।ফলত আতংকত দিন অতিবাহিত কৰিব লগা হৈছে অঞ্চলটোৰ লোক সকলে। এটা সময়ত দ্ৰোপাং নদীৰ প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতি কৰিছিল সমগ্ৰ অঞ্চলটোৰ। বহু লোকে ঘৰ, মাটি বাৰী হেৰুৱালে দ্ৰোপাং নদী খনৰ কাৰণে।অৱশেষত অৰুণাচল পাহাৰৰ পৰা বৈ অহা এই খৰশ্ৰোতা দ্ৰোৰোপাং নদীক নিয়ন্ত্ৰণৰ বাবে বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত নিৰ্মাণ কৰা হৈছিল মথাউৰিটো। মঠাউৰিটো নিৰ্মাণ কৰাৰ পিছত সময়ে সময়ে মথাউৰিটো নিৰিক্ষণ কৰিব লাগিছিল যদিও নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিলে বিভাগীয় কৰ্তৃপক্ষই। সম্প্ৰতি সম্পূৰ্ণ মাঠাউৰিটোৰ কাষে কাষে এতিয়া হাবি জংঘল গজি অৰণ্য সদৃশ পৰিৱেশ। কোনোমতে লুংলুঙীয়া পথটোৰে খলাবমা মাঠাউৰিটোৰ ওপৰেৰে ৰাইজে অহা যোৱা কৰে যদিও হাবি জংঘলৰ সুযোগ লৈ দৈনিক তাত চলে অনৈতিক কাৰ্য কলাপ। কাকো গুৰু গোঁসাই  নমনা এচাম উদণ্ড যুৱকে মাঠাউৰিটো মদ, ভাং যুৱা, ড্ৰাগছৰ ঘাটিলৈ পৰ্যৱসিত কৰিছে। ইহঁতৰ অতপালিত অতিস্থ হৈ বিগত সময়চোৱাত ৰাইজে এই সমূহ ৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো কোনো সুফল লাভ নকৰিলে। ৰাইজৰ কথাক একপ্ৰকাৰ আওকাণ কৰে প্ৰশাসনে। সেয়েহে অবশেষত সংবাদ মাধ্যমৰ জৰিয়তে মথাউৰিটোৰ হাবি জংঘল কাটি মুকলি কৰিবলৈ প্ৰশাসনক  দাবী জনাইছে ৰাইজে। স্থানীয় সচেতন ব্যক্তি ক্ৰমে প্ৰফুল্ল শইকীয়া, বাপ হাজৰিকা, মুকুল কাকতি,  প্ৰাঞ্জল বৰা,মহেন্দ্ৰ বৰাকে প্ৰমুখ্যে কৰি বহু লোকে মথাউৰিটোত আগন্তুক সময়ত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আগতে বিষয়টোক গুৰুত্ব সহকাৰে ল’বৰ বাবে আহ্বান জনায় প্ৰশাসনক।
প্ৰেৰক চন্দন শইকীয়া 
You might also like