নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট ক্ৰিকেটৰ এটা ইংনিছত সৰ্বাধিক ছিক্সাৰৰ অভিলেখ জয়ছোৱালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ ফেব্ৰুৱাৰীঃ ভাৰতীয় খেলুৱৈ হিচাপে টেষ্ট ক্ৰিকেটৰ এটা ইনিংছত সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে যশস্বী জয়ছোৱালে। তেওঁ নৱজোত সিং সিদ্ধু আৰু মায়ংক আগৰৱালক অতিক্ৰম কৰে। জয়ছোৱালে এটা ইনিংছত ১০টা ছয় কোবাইছিল। আনহাতে, নৱজোৎ সিং সিদ্ধু আৰু মায়ংক আগৰৱালে ৮টাকৈ ছয়ৰ অভিলেখ গঢ়িছিল। ১৯৯৪ চনত লক্ষ্ণৌত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা মেচখনত সিদ্ধুৱে ৮টা ছয় কোবাইছিল। ইয়াৰ পিছত ২০১৯ চনত ইন্দোৰত বাংলাদেশৰ বিৰুদ্ধে খেলা টেষ্টৰ এটা ইনিংছত বেটিং কৰাৰ সময়ত মায়ংক আগৰৱালাই ৮টা ছয় কৰে। ইংলেণ্ডৰ বিৰুদ্ধে খেলি থকা টেষ্ট শৃংখলাত জয়ছোৱালৰ বেট খুব চলি আছে। জয়ছোৱালে এই শৃংখলাত ২০টা ছয় সম্পূৰ্ণ কৰিছে, যাৰ জৰিয়তে তেওঁ টেষ্ট শৃংখলাত সৰ্বাধিক ছয় মৰা বেটছমেন হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে বিশাখাপট্টনমত খেলা দ্বিতীয়খন টেষ্টত জয়ছোৱালে ২০৯ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল। এই উজ্জ্বল ইনিংছ খেলখনত ভাৰতৰ প্ৰথম ইনিংছৰ সময়ত জয়ছোৱালৰ বেটৰ পৰা আহিছিল। হায়দৰাবাদত খেলা শৃংখলাৰ প্ৰথমখন টেষ্টতো জয়ছোৱালে উৎকৃষ্ট ফৰ্ম দেখুৱাইছিল, য’ত ভাৰতীয় অ’পেনাৰগৰাকীয়ে প্ৰথম ইনিংছত ৮০ ৰান সংগ্ৰহ কৰিছিল। অৱশ্যে দ্বিতীয় ইনিংছত তেওঁ মাত্ৰ ১৫ ৰানহে কৰিবলৈ সক্ষম হৈছিল।

You might also like