নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰাজয়ৰ সংকটত ইংলেণ্ডত : ৰাজকোটত ভাৰতৰ ৰানৰ পাহাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ ফেব্ৰুৱাৰীঃ ৰাজকোট টেষ্টৰ দ্বিতীয় ইনিংছত ৪৩০/৪ ৰান সংগ্ৰহ কৰি ভাৰতে ইনিংছ ঘোষণা কৰিছে। ভাৰতৰ হৈ যশস্বী জয়ছোৱালে ২১৪ ৰান আৰু সৰফৰাজ খানে ৬৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। আগ্ৰাসী বেটিঙৰ জৰিয়তে ভাৰতে ইংলেণ্ডক ৫৫৭ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছে। ইংলেণ্ডৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰায় ডেৰ দিনৰ সময় আছে। তৃতীয় দিনা শতক সম্পূৰ্ণ কৰাৰ পিছত আঘাতপ্ৰাপ্ত হৈ অৱসৰ লয় যশস্বী জয়ছোৱালে, যেতিয়া তেওঁৰ পিঠিত বিষ হৈছিল। কিন্তু চতুৰ্থ দিনা তেওঁ পুনৰ বেটিং কৰিবলৈ আহি দুটা শতক সম্পূৰ্ণ কৰিলে। জয়ছোৱালে ১৪টা চাৰি আৰু ১২টা ছয়ৰ সহায়ত ২৩৬টা বলত ২১৪ ৰান সংগ্ৰহ কৰে। এই ইনিংছত ১২টা ছয় কৰি জয়ছোৱালে টেষ্ট ইনিংছত সৰ্বাধিক ছয় কৰাৰ ক্ষেত্ৰত ৱাছিম ​​আক্ৰামক সমান কৰে। এতিয়া জয়ছোৱাল যৌথভাৱে টেষ্ট ইনিংছত সৰ্বাধিক ছয় কোবোৱা প্ৰথম নম্বৰৰ বেটছমেন হিচাপে পৰিগণিত হয়। ভাৰতৰ দ্বিতীয় ইনিংছৰ সময়ত ইংৰাজ বলাৰসকলক একেবাৰে অসহায় যেন লাগিছিল। দলটোৰ হৈ ৰেহান আহমেদ, টম হাৰ্টলী আৰু জো ৰুটে এটাকৈ উইকেট দখল কৰে। ইয়াৰ বাহিৰেও ভাৰতৰ এটা উইকেট ৰান আউটৰ জৰিয়তে হয়। ইফালে দ্বিতীয় ইংনিছত বেটিং কৰিবলৈ আহি সংকটত পৰিছে ইংৰাজ বাহিনী। ইংলেণ্ডে বাতৰি লিখাৰ পৰলৈ ৪৯ ৰানত ৪টা উইকেট হেৰুৱাই পৰাজয়ৰ সংকটত পৰিছে। বৰ্তমান ক্ৰীজত অধিনায়ক ষ্টোকছ আৰু ৰুটে বেট ধৰি আছে।

You might also like