🔹 বেংগালুৰুৰ আদালতৰ গুৰুত্বপূর্ণ ৰায়
বিশেষ বাৰ্তা, ২১ ফেব্রুৱাৰী : প্রয়াত এআইএডিএমকে নেত্রী তথা তামিলনাডুৰ প্রাক্তন মুখ্যমন্ত্রী জে জয়াললিতাৰ ২৭ কিলোগ্রাম সোণ আৰু হীৰাৰ অলংকাৰ লাভ কৰিব এম কে ষ্টেলিনৰ ডিএমকে চৰকাৰে৷ বেংগালুৰুৰ এখন আদালতে দিয়া নির্দেশ অনুসৰি আগন্তুক ৬ আৰু ৭ মার্চত তামিলনাডুৰ মুখ্য সচিবৰ হাতত এই বিপুল পৰিমাণৰ অলংকাৰ অর্পণ কৰা হ’ব৷ ‘টাইমছ অৱ ইণ্ডিয়া’ৰ এক প্রতিবেদনত এই কথা সদৰী কৰা হৈছে৷ এক দুর্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈছিল জয়াললিতা৷ সেই গোচৰটোত এআইএডিএমকেৰ নেত্রীগৰাকীক ১০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নির্দেশ দিয়া হয়৷ সেই জৰিমনা আদায়ৰ শেষ বিচাৰৰ বিভাগীয় প্রক্রিয়া শেহতীয়াকৈ আৰম্ভ হৈছে৷ এই প্রক্রিয়াত প্রয়াত নেত্রীগৰাকীৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ একাংশ নিলাম কৰা হ’ব৷ নিলামৰ বাবে জয়াললিতাৰ অলংকাৰ তামিলনাডু চৰকাৰৰ হাতত তুলি দিব আদালতে৷