নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মিলান’ : ভাৰতৰ নেতৃত্বত ৫০খন দেশৰ নৌসেনাৰ শক্তি প্রদর্শন

বিশেষ বাৰ্তা, ২১ ফেব্রুৱাৰী : লোহিত সাগৰত য়েমেনৰ সশস্ত্র সংগঠন ‘হুথী’ৰ বাণিজ্যিক জাহাজৰ ওপৰত ধাৰাবাহিক আক্রমণৰ ঘটনাক লৈ উদ্বেগ সৃষ্টি হৈছে বিভিন্ন মহলত৷ লোহিত সাগৰত নিৰাপত্তা পৰিস্থিতি বিঘ্নিত হোৱা বুলি বিভিন্ন পক্ষই অভিযোগ তুলিছে৷ এনে পৰিস্থিতি অব্যাহত থকাৰ সময়তে বিশাখাপট্টনমত ভাৰতৰ নেতৃত্বত আৰম্ভ হ’ল ৯ দিনীয়া নৌসেনাৰ অনুশীলন ‘মিলান’৷ সমগ্র বিশ্বৰ প্রায় ৫০খন দেশৰ নৌবাহিনীয়ে অংশ লৈছে এই অনুশীলনত৷ তালিকাত আছে আমেৰিকা, জাপান, অষ্ট্রেলিয়া, ফ্রান্স, বাংলাদেশ, দক্ষিণ কোৰিয়া, ভিয়েটনাম, ইণ্ডোনেছিয়া, মালয়েছিয়া আদি দেশৰ নৌসেনা৷

 

পৰহিৰে পৰা আৰম্ভ হৈছে নৌসেনাৰ এই অনুশীলন৷ এইবাৰৰ এই যৌথ অনুশীলন ‘মিলান’ৰ দ্বাদশ সংস্কৰণ৷ এই অনুশীলনত ভাৰতৰ বন্ধু দেশসমূহৰ ১৫খন ৰণতৰী আৰু এখন নজৰদাৰী বিমানে অংশ লৈছে৷ ইয়াৰ সৈতে আছে ভাৰতৰ বহু বিমান আৰু ৰণতৰী৷ বিক্রান্ত, বিক্রমাদিত্যৰ দৰে ২০খন যুদ্ধবিমান কঢ়িওৱা ৰণতৰী, মিগ–২৯কে ধৰি ৫০খন যুদ্ধবিমান আৰু তেজছৰ দৰে পাতল যুদ্ধবিমানেৰেও নৌসেনাই এই অনুশীলনত শক্তি প্রদর্শন কৰিব৷

 

১৯৯৫ চনত প্রথম আয়োজন কৰা হৈছিল ‘মিলান’ৰ৷ শ্রীলংকা, থাইলেণ্ড, ছিংগাপুৰ, ইণ্ডোনেছিয়া আদি দেশে এই অনুশীলনত প্রথম অংশগ্রহণ কৰিছিল৷ কিন্তু এইবাৰৰ এই অনুশীলনত আটাইতকৈ বেছিসংখ্যক দেশৰ নৌসেনাই অংশগ্রহণ কৰিছে৷ ‘মিলান–২০২৪’ৰ মূল লক্ষ্য হৈছে আঞ্চলিক সহযোগিতা আৰু সামুদ্রিক নিৰাপত্তা অধিক সুদৃঢ় কৰি তোলা৷ ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত এই অনুশীলনে বিশেষ গুৰুত্ব বহন কৰিছে৷

You might also like