নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কুকুৰমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত BSFৰ গুলীত চোৰাং গৰু সৰবৰাহকাৰী এটা নিহত হয়। নিহত সৰবৰাহকাৰীটো চৰ কুকুৰমাৰা গাঁৱৰ হিকমত আলীৰ পুত্ৰ সাহিনুৰ ইছলাম বুলি জানিব পৰা গৈছে। নিশাৰ আন্ধাৰৰ সুযোগ লৈ এদল গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু চালান দিয়া অৱস্থাত BSF-এ বাধা প্ৰদান কৰাত সৰবৰাহকাৰীৰ দলটোৱে BSFক আক্ৰমণ কৰে। আত্মৰক্ষাৰ কাৰণে উপায়হীন হৈ কৰ্তব্যৰত BSF-এ গুলীচলানা কৰে আৰু সাহিনুৰ ইছলাম নামৰ সৰবৰাহকাৰীটো নিহত হয়।
প্ৰেৰক ফাৰহাদ আহমেদ