নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উদযাপন

নিয়মীয়া বাৰ্তা,  ২২ ফেব্ৰুৱাৰী : ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে দেশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ধুবুৰী বতৰ বিজ্ঞান কেন্দ্ৰতো বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ধুবুৰী চহৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী পাৰঘাটৰ সমীপত বতৰ বিজ্ঞান কেন্দ্ৰত আয়োজিত উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা ২৩৬৫নং ধুবুৰী শিশু কল্যাণ এল পি স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী হীৰামণি কলিতা, দীপিকা মণ্ডল আৰু বিদ্যালয় পৰিচালনা সমিতিৰ দীপক সৰকাৰক ধুবুৰী বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই কাৰ্যসূচীত ধুবুৰী বতৰ বিজ্ঞান কাৰ্যালয়ৰ বিষয়ববীয়া-কৰ্মচাৰী নিৰ্মল দাস, সৌগতা প্ৰমাণিক, মিনিস্ৰাং বসুমতাৰী, চাদ অসীম, যশ বাৰ্মা, ৰাম কৃষ্ণ ভকত, চৌয়দ ফিৰদৌছ আলীয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সজাগতামূলক ভাষণ আগবঢ়ায়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like