নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্যপালৰ বাসগৃহসহ ৩০ স্থানত চিবিআইৰ তালাচী

🔹 জম্মু–কাশ্মীৰৰ ৰাজ্যপালৰ দায়িত্বত থকা সময়ত ৩০০ কোটিৰ দুর্নীতি !

বিশেষ বাৰ্তা, ২২ ফেব্রুৱাৰী : লোকসভা নির্বাচনৰ পূর্বে বিৰোধীৰ ওপৰত চাপ বৃদ্ধি কৰিছে কেন্দ্রীয় সংস্থাসমূহে৷ জম্মু–কাশ্মীৰৰ প্রাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বিভিন্ন ঠিকনাত আজি পুৱাৰ ভাগৰে পৰা তালাচী চলায় চিবিআয়ে৷ ৩০০ কোটি টকাৰ জলবিদ্যুৎ প্রকল্পৰ কেলেংকাৰিৰ গোচৰত এই তালাচী অভিযান আৰম্ভ কৰে চিবিআয়ে৷ সত্যপাল মালিকৰ বাসস্থানসহ মুঠ ৩০টা স্থানত আজি চিবিআয়ে তালাচী চলায়৷ জম্মু–কাশ্মীৰৰ ৰাজ্যপাল হৈ থকা সময়ত ২,২০০ কোটি টকাৰ প্রকল্পত ৩০০ কোটি টকা উৎকোচ লোৱা বুলি অভিযোগ উঠিছিল৷ এই ঘটনা সন্দর্ভত যোৱা বছৰ মুঠ ৬জনৰ বিৰুদ্ধে গোচৰ তৰে চিবিআয়ে৷ সেই গোচৰতেই তদন্ত আৰম্ভ কৰিছে কেন্দ্রীয় সংস্থাটোৱে৷

You might also like