নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দুই পুৰোধালৈ ৰাজহুৱা সন্মান

🔹 প্ৰেছ গীল্ড, ঢকুৱাখনাৰ ব্যতিক্ৰমী কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২২ ফেব্ৰুৱাৰী : বৃহত্তৰ ঢকুৱাখনা মহকুমাৰ শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা পুৰোধা ব্যক্তিসকলক সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্য এলানি বিশেষ কাৰ্যসূচী হাতত লৈছে ঢকুৱাখনা মহকুমাৰ সাংবাদিকসকলৰ উমৈহতীয়া সংগঠন প্ৰেছ গীল্ড, ঢকুৱাখনাই । ইয়াৰে অংশৰূপে বৃহস্পতিবাৰে প্ৰেছ গীল্ড, ঢকুৱাখনাই বৃহত্তৰ ঢকুৱাখনাৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক দিশত জীৱনজোৰা অৱদান আগবঢ়োৱা দুগৰাকী পুৰোধা ব্যক্তিক আজি তেওঁলোকৰ ঘৰে ঘৰে গৈ ৰাজহুৱা সন্মান প্ৰদান কৰা হয়। বৃহত্তৰ ঢকুৱাখনা অঞ্চলৰ শিক্ষা, সংস্কৃতি, সাহিত্য, বৌদ্ধিক সকলো দিশৰ দুই অন্যতম পুৰোধা প্ৰবীণ সমাজ সংগঠক শিৱপ্ৰসাদ গগৈ আৰু ছবিলাল জৈন। ঢকুৱাখনাৰ নৱপ্ৰজন্মৰ বাবে শৈক্ষিক, সামাজিক, সাংস্কৃতিক, বৌদ্ধিক আদি দিশত এক সুস্থিৰ পৰিৱেশ গঢ়োঁতা এই পুৰোধা ব্যক্তি দুগৰাকীক তেওঁলোকৰ নিঃস্বাৰ্থ ত্যাগ আৰু অৱদানৰ বাবে আজি আনুষ্ঠানিকভাৱে প্ৰেছ গীল্ড, ঢকুৱাখনা তৰফৰ পৰা ৰাজহুৱাভাবে সন্মান প্ৰদান কৰা হয় ৷ প্ৰথমেই ঢকুৱাখনাৰ সাংস্কৃতিক বৈভৱ, প্ৰাণৰ উৎসৱ ফাটবিহুৰ প্ৰথমখন স্মৃতিগ্ৰন্থ “বিহুৱান”ৰ প্ৰথমগৰাকী সম্পাদক, প্ৰবীণ শিক্ষাবিদ, সমাজ সংগঠক ছবিলাল জৈন (৮২)ৰ জিয়ামৰীয়া গাঁৱৰ ঘৰত উপস্থিত হৈ গীল্ডৰ কৰ্মকর্তাসকলে জৈন আৰু পত্নী কুসুম জৈনক চেলেং চাদৰ, গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই ঢকুৱাখনাৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান আৰু কৰ্মৰাজিৰ শলাগ লয়। ইয়াৰ পিছতেই ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা “চাৰিকড়ীয়া”ৰ কবিৰূপে খ্যাত বিশিষ্ট কবি শিৱ প্ৰসাদ গগৈ (৮০)ৰ ঘৰত উপস্থিত হয় গীল্ডৰ সদস্যসকল।তেওঁলোকে কবি শিৱ প্ৰসাদ গগৈৰ বাসগৃহত এখন চমু আনুষ্ঠানিক সভা অনুষ্ঠিত কৰে। এই অনুষ্ঠানতে গগৈৰ কৰ্মময় জীৱনক সোঁৱৰণ কৰি তেওঁ আগবঢো়ৱা শৈক্ষিক, সাংস্কৃতিক, সামাজিক অৱদানৰ বাবে চেলেং, গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি সন্মান প্ৰদান কৰা হয়। গগৈৰ লগতে পত্নী সুলেখিকা পুষ্পা গগৈকো গীল্ডৰ তৰফৰ পৰা সন্মান জনাই গীল্ডৰ কৰ্মকর্তাসকলে দুয়োগৰাকী প্ৰবীণ সমাজহিতৈষীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আশিস গ্ৰহণ কৰে। ভাষণত দুয়োগৰাকী সম্বৰ্ধিত ব্যক্তিয়ে প্ৰেছ গীল্ড, ঢকুৱাখনাৰ এই ব্যতিক্ৰমী অনুষ্ঠানৰ শলাগ লোৱাৰ লগতে মানুহে কেৱল নিজৰ প্ৰাপ্তিৰ কাৰণে নহয়, সেৱা-ভাবনাৰে কাম কৰি গ’লে প্ৰাপ্তি আৰু স্বীকৃতি নিশ্চয় লাভ কৰিব পাৰি বুলি উল্লেখ কৰে। ৰাজহুৱা সন্মান প্ৰদানৰ এই অনুষ্ঠানত প্ৰেছ গীল্ড, ঢকুৱাখনাৰ উপদেষ্টা আলোক চমুৱা, কাৰ্যকৰী সভাপতি বিপুল গগৈ, সম্পাদক পুলকজ্যোতি বৰাৰ লগতে অমৃত প্ৰৱণ বৰা, হেমন্ত কুমাৰ বৰুৱা, অৰূপ বৰুৱা, অৰুণ চমুৱা, পাপু বৰুৱা, প্ৰতাপ দত্ত, ঘনলোচন আদি সদস্যসকল উপস্থিত থাকে। নিজৰ বৃত্তি বা পেছাৰ সমান্তৰালকৈ সমাজৰ এনে বহু লোকে ৰাইজৰ স্বাৰ্থত নিৰন্তৰ সেৱা আগবঢ়াই যায়। তেওঁলোকক নি:স্বাৰ্থ সেৱা-ভাবনা আৰু কৰ্মৰাজিক স্বীকৃতি দিবলৈ গীল্ডৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস আৰু অনাগত দিনতো এই কাৰ্যসূচী গ্ৰহণ কৰি যাব বুলি প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সম্পাদক পুলকজ্যোতি বৰাই মন্তব্য কৰে।

You might also like