নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাত ৪ পদ

অসম চৰকাৰৰ মেগা মিছন ছ’চাইটীৰ অধীনস্থ মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ছ’চাইটীৰ মুখ্য কার্যবাহী বিষয়াই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদকেইটাৰ ভিতৰত আছে– একাউণ্টছ এছিছটেণ্টছ ১টাঃ প্রার্থী বাণিজ্যৰ স্নাতকোত্তৰ আৰু কম্পিউটাৰৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ সংশ্লিষ্ট খণ্ডত ২–৩ বছৰ কর্ম অভিজ্ঞতা থকাটো প্রয়োজনীয়৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০–৪০,০০০ টকা৷ পিএ–চিই’ ১টা ঃ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰ এপ্লিকেচনৰ ছমহীয়া ডিপ্ল’মাধাৰী হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থী সংশ্লিষ্ট খণ্ডত ১–২ বছৰ কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ দৰমহাৰ নিৰিখ মাহে ১৫,০০০–২০,০০০ টকা৷ শেষত অফিচ এছিছটেণ্ট ২টাঃ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰ এপ্লিকেচনৰ ছমহীয়া ডিপ্ল’মাধাৰী হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থী সংশ্লিষ্ট খণ্ডত ১–২ বছৰ কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ দৰমহাৰ নিৰিখ মাহে ১৫,০০০–২০,০০০ টকা৷ আগ্রহীসকলে নির্ধাৰিত প্র–পত্র মেগা মিছন ছ’চাইটীৰ ৱেবছাইটhttp://mmscmsguy.assam.gov.inৰ পৰা ডাউনলোাড কৰি ল’ব পাৰিব৷ যাৱতীয় নথি–পত্রৰ প্রতিলিপিসহ আবেদন’Office of The Chief Executive Officer, Mega Mission Society- Chief Minister Samagra Gramya Unnayan Yojana, OTI Building, Veterinary Campus, Near Vivanta By Taj, Khanapara, Guwahati-22′ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন গ্রহণৰ অন্তিম দিন ১০ মার্চ ২০২০৷

You might also like