নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙত অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ ৩

নতুন সশস্ত্ৰ সংগঠন গঠনৰ সন্দেহ আৰক্ষীৰ!
বিশেষ বাৰ্তা ২৫ ফেব্ৰুৱাৰী : কাৰ্বি আংলঙত অবৈধভাৱে মাৰণাস্ত্ৰ মজুত কৰি একাংশ যুৱকে এক সশস্ত্ৰ গোট গঠনৰ লক্ষ্য কৰিছিল যদিও তাক বিফল কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং জিলা আৰক্ষী। এক নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত তিনি দিন পূৰ্বৰে পৰা সন্দেহৰ আৱৰ্তত থকা উক্ত সশস্ত্ৰ যুৱকৰ দলটোৰ সন্ধানত কাৰ্বি আংলং জিলা আৰক্ষীৰ এটি বৃহৎ দল নামি পৰিছিল। ইতিমধ্যে জিলা আৰক্ষীৰ অভিযানকাৰী দলটোৱে বুজন পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰসহ তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ মতে, শনিবাৰে নিশা কাৰ্বি আংলং জিলা আৰক্ষীৰ এ এছ পি (ক্ৰাইম) নয়নমণি বৰ্মনৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অভিযানকাৰী দলে নৈলালঙৰ নিজেশ লাংথাছাৰ আৱাসৰ চৌহদৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰ। লাংথাছাৰ গৃহৰ চৌহদত লুকুৱাই ৰখা হৈছিল মাৰণাস্ত্ৰখিনি। জব্দকৃত মাৰণাস্ত্ৰসমূহত আছে এটা এ কে ছিৰিজৰ ৰাইফল, তিনিটা পইন্ট ৩২ পিষ্টল, তিনিটা মেগাজিন, তিনিটা হেণ্ড গ্ৰেণেড, দুটা ম’বাইল হেণ্ডছেট। ইপিনে, ধনশিৰি আৰক্ষীয়ে এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱাকেইগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ কৰিবলৈ সক্ষম হয় মাৰণাস্ত্ৰখিনি। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে নিজেশ লাংথাছা, মাণিক হাফলংবাৰ আৰু কুমুদ ওৰফে ৰথাই ফংল’। অবৈধ মাৰণাস্ত্ৰ লেনদেনৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
প্ৰেৰক ৰাজু কাঠাৰ
You might also like