নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰে পঞ্চম টেষ্টলৈ দল ঘোষণা টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মাৰ্চঃ ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ পঞ্চম আৰু অন্তিমখন খেল ৭ মাৰ্চৰ পৰা ধৰ্মশালাত অনুষ্ঠিত হ’ব। বৰ্তমান ভাৰতীয় দলটোৱে এই শৃংখলাত ৩-১ত আগবাঢ়ি আছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে পঞ্চম টেষ্টৰ বাবে টীম ইণ্ডিয়াৰ দল ঘোষণা কৰিছে। দললৈ উভতি আহিছে উপ-অধিনায়ক তথা তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহ। পঞ্চম টেষ্টৰ পৰা বাহিৰ হৈছে ছিনিয়ৰ মিডল অৰ্ডাৰ বেটছমেন কে এল ৰাহুল। দলত আছে যুৱ খেলুৱৈ দেৱদত্ত পাড়িকাল। অৱশ্যে ৱাশ্বিংটন সুন্দৰক ৰঞ্জি ট্ৰফীৰ ছেমিফাইনেল খেলিবলৈ মুকলি কৰি দিয়া হৈছে যদিও প্ৰয়োজন হ’লে তেওঁক পুনৰ দললৈ মাতিব। চতুৰ্থ টেষ্টত সপোনৰ অভিষেক ঘটোৱা ফাষ্ট বলাৰ আকাশ দীপে পঞ্চম টেষ্টত প্লেইং এলেভেনত স্থান লাভ কৰিবলৈ অসুবিধা পাইছে। বুমৰাহ উভতি অহাৰ বাবে আকাশ দীপে বেঞ্চত বহিব লগা হ’ব পাৰে। অৱশ্যে পঞ্চম টেষ্টত মহম্মদ ছিৰাজক জিৰণি দিব পাৰে দলে। এনে পৰিস্থিতিত ছিৰাজৰ ঠাইত বুমৰাহ ঘূৰি আহিব পাৰে। ইয়াৰ উপৰি একেৰাহে তিনিখন টেষ্টত ফ্লপ কৰা ৰজত পাটিদাৰৰ দলত স্থান লাভৰ আশা ক্ষীণ। ঘোষিত দলটো- যশস্বী জয়ছোৱাল, ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, ৰজত পাটিদাৰ/দেৱদত্ত পাড়িকাল, ৰবীন্দ্ৰ জাদেজা, ছৰফৰাজ খান, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, মহম্মদ চিৰাজ/ আকাশ দীপ আৰু যশপ্ৰীত বুমৰাহ।

You might also like