আইচিচিৰ তিনিও ফৰ্মেটত এক নম্বৰ হোৱাৰ সন্ধিক্ষণত ৰোহিত বাহিনী
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মাৰ্চঃ ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাত ৩-১ত অপৰাজিত হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট দলটোৱে টেষ্টতো এক নম্বৰ স্থান লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। ইতিমধ্যে এদিনীয়া আৰু টি-২০ ইণ্টাৰনেশ্যনেলত প্ৰথম স্থানত আছে টীম ইণ্ডিয়া। এতিয়া ৰোহিতে ব্ৰিগেড টেষ্টতো ১ নম্বৰ হ’বলৈ ওলাইছে। যিকোনো সময়তে এই কথা ঘোষণা কৰিব পাৰে আইচিচিয়ে। আই চি চিয়ে বহুদিন ধৰি টেষ্ট দলৰ ৰেংকিং আপডেট কৰা নাই। যেতিয়া আইচিচিয়ে পুনৰ ৰেংকিং আপডেট কৰে, তেতিয়া ভাৰত টেষ্টতো এক নম্বৰ হোৱাটো নিশ্চিত। আচলতে আইচিচিয়ে শেষবাৰৰ বাবে টেষ্ট ৰেংকিং আপডেট কৰিছিল ২৮ জানুৱাৰীত, যেতিয়া ভাৰতীয় দলটো দ্বিতীয় স্থানত আছিল। অষ্ট্ৰেলিয়া আছিল এক নম্বৰত। এতিয়া ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে তিনিখন টেষ্টত জয়লাভ কৰিছে। ইয়াৰে দুখন টেষ্টত টীম ইণ্ডিয়াই বিপুল ব্যৱধানত জয়লাভ কৰিছে। এনে পৰিস্থিতিত এতিয়া টেষ্ট দলৰ ৰেংকিঙত কেংগাৰু বাহিনীক অতিক্ৰম কৰিব টীম ইণ্ডিয়াই। যোৱা আপডেটত অষ্ট্ৰেলিয়াই ১১৭ পইণ্ট লাভ কৰি এক নম্বৰত আছিল। টীম ইণ্ডিয়ায়ো ১১৭ পইণ্ট লাভ কৰিছিল যদিও দ্বিতীয় স্থানত আছিল ৰোহিত ব্ৰিগেড। এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয়লাভ কৰাৰ পিছত ভাৰতীয় দলটো যে ১ নম্বৰ হ’ব সেয়া নিশ্চিত। উল্লেখযোগ্য যে টি-২০ ইণ্টাৰনেশ্যনেল আৰু এদিনীয়াত আই চি চি দলৰ ৰেংকিঙত ভাৰতীয় দলটো প্ৰথম স্থানত আছে। যদি টেষ্টতো টীম ইণ্ডিয়াই শীৰ্ষস্থান দখল কৰে তেন্তে ৰোহিত ব্ৰিগেড তিনিওটা ফৰ্মেটতে এক নম্বৰ দল হিচাপে পৰিগণিত হ’ব। এদিনীয়াত ভাৰতীয় দলৰ ৰেটিং পইণ্ট ১২১। দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়াৰ ৰেটিং পইণ্ট ১১৮। টি-২০ ইণ্টাৰনেশ্যনেলত আন দলতকৈ বহু আগবাঢ়ি আছে টীম ইণ্ডিয়া। এনে পৰিস্থিতিত বৰ্তমান অপেক্ষা আইচিচিৰ পৰা টেষ্ট ৰেংকিং আপডেটৰ বাবে।