টি-২০ বিশ্বকাপত ভাৰতীয় দল বাছনিক লৈ চৰ্চা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মাৰ্চঃ অহা ২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচি টি-২০ বিশ্বকাপৰ বাবে টীম ইণ্ডিয়াৰ দলটো ১ মে’ত ঘোষণা কৰা হ’ব। অৱশ্যে ২৫ মে’লৈকে টীম ইণ্ডিয়াত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকিব। আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ অভিযান আৰম্ভ হ’ব ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলখনৰ পৰা। অহা ২৯ জুনত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ চূড়ান্ত খেলখন। ১৫জনীয়া দলটো ঘোষণা কৰিবলৈ সকলো দলকে ১ মে’ পৰ্যন্ত সময় দিছে আইচিচিয়ে। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, ১ মে’ত খোদ বিচিচিআইয়ে ঘোষণা কৰিব টীম ইণ্ডিয়া। ১ মে’ৰ ভিতৰত আই পি এলৰ আধাতকৈ অধিক মেচ অনুষ্ঠিত হ’ব আৰু আই পি এলৰ সময়ত ভাল প্ৰদৰ্শন কৰা খেলুৱৈসকলে দৃষ্টি আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে। কেৱল এয়াই নহয়, আইচিচিয়েও দলটোত পৰিৱৰ্তন আনিবলৈ ২৫ মে’লৈকে সময় দিছে। এনে পৰিস্থিতিত আই পি এলৰ ফাইনেলৰ পূৰ্বেও দলৰ পৰিৱৰ্তন দেখা যায়। অহা ২৬ মে’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল। অৱশ্যে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইতিমধ্যে স্পষ্ট কৰি দিছে যে টি-২০ বিশ্বকাপত অধিনায়কৰ দায়িত্ব ৰোহিত শৰ্মাৰ ওপৰত থাকিব। টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ উপ-অধিনায়ক হ’ব হাৰ্দিক পাণ্ডিয়া। ইয়াৰ বাহিৰেও বিৰাট কোহলিয়েও টি-২০ বিশ্বকাপত খেলাৰ সুযোগ পোৱাটো প্ৰায় নিশ্চিত। টি-২০ বিশ্বকাপৰ সময়ত যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ আৰু অৰ্শ্বদীপ সিঙে পেচ বলিঙৰ দায়িত্ব লোৱাটো নিশ্চিত। যশস্বী জয়ছোৱালে ৰোহিত শৰ্মাৰ সৈতে অপেনিং কৰিব। সূৰ্যকুমাৰ যাদৱেও ৪ নম্বৰত খেলিব পাৰে। সঞ্জু চেমচন বা জিতেশ শৰ্মাই পাব উইকেটকীপাৰৰ দায়িত্ব। স্পিন বিভাগৰ নেতৃত্ব পাব পাৰে ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল আৰু ৰবি বিষ্ণোই।