নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশী-মথুৰাত মন্দিৰ নিৰ্মাণৰ বাবে প্ৰমাণ মজুত : উমা ভাৰতী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ মাৰ্চঃ উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ পিছত কাশী আৰু মথুৰাতো মন্দিৰ নিৰ্মাণৰ চাহিদাই গতি লাভ কৰিবলৈ আৰম্ভ কৰিছে। মন্দিৰ পৰিদৰ্শন কৰিবলৈ অযোধ্যাত উপস্থিত হোৱা বিজেপি নেত্ৰী উমা ভাৰতীয়ে কয় যে এইবাৰ ৰাম মন্দিৰৰ দৰে আন্দোলন নহ’ব, কাৰণ সকলো প্ৰমাণ মজুত আছে। সাংবাদিকৰ সৈতে কথা পাতি উমা ভাৰতীয়ে কয় যে অযোধ্যাৰ দৰে কাশী আৰু মথুৰায়ো নিজৰ অধিকাৰ লাভ কৰিব। এইবাৰ কোনো আন্দোলন নহ’ব, কাৰণ অযোধ্যাত খান্দি প্ৰমাণ উলিয়াব লাগিছিল, কিন্তু কাশী আৰু মথুৰাত খন্দাৰ প্ৰয়োজন নাই, সকলো প্ৰমাণ মজুত। মুছলমানসকলৰ আদালতলৈ যোৱাৰ অধিকাৰ আছে। আদালতে দিয়া আদেশ মানি চলে।

You might also like