তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীজীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰো
শিলচৰৰ পুলিচ পেৰেড খেলপথাৰত বিজেপিৰ হিতাধিকাৰী সন্মিলন
নিয়মীয়া বার্তা, ৪ মাৰ্চ: তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীজীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰো। বৰ্তমান চৰকাৰে ৰাইজৰ বাবে বিভিন্ন উন্নয়নমূলক কাম কৰি আছে। ভৱিষ্যতে মহিলাসকলে কেনেকৈ সমাজত নিজকে প্ৰতিষ্ঠা কৰিব, সেয়া বিচাৰে বিজেপিয়ে। প্ৰধানমন্ত্ৰীয়ে মহিলাৰ বাবে বিভিন্ন প্ৰকল্প হাতত লৈছে আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীজীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰো। আজি শিলচৰৰ পুলিচ পেৰেড খেলপথাৰত আয়োজিত বিজেপি হিতাধিকাৰী সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ ৰাজ্যিক মন্ত্ৰী প্ৰতিভা ভৌমিক এই কথা কয়। তেওঁ ভাষণত কংগ্ৰেছ আৰু চিপিএম বিক্ৰম-বেতালৰ দল বুলিও মন্তব্য কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। তদুপৰি শিলচৰৰ মাটিত ভৰি দি গৌৰৱ অনুভৱ কৰিছে বুলি উল্লেখ কৰে। লগতে শিলচৰত কেন্দ্রীয় ৰাজ্যিক মন্ত্রী প্রতিভা ভৌমিক নির্বাচনী কার্যালয় উদ্বোধন কৰে। সন্মিলনত সহস্ৰাধিক বিজেপি কৰ্মী আৰু স্থানীয় লোক উপস্থিত আছিল। সন্মিলনত সাংসদ ৰাজদ্বীপ ৰায়, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপিৰ কাছাৰ জিলাৰ সভাপতি বিমলেন্দু ৰায়, বিজেপি নেতা উদয় শংকৰ গোস্বামী, মঞ্জুল দেৱ, নিত্য ভূষণ দে, মিহিৰকান্তি সোমকে ধৰি বিষয়াসকল উপস্থিত থাকে।
প্ৰেৰক গৌতম তালুকদাৰ