গুৱাহাটীৰ ভূতনাথ-মাছখোৱা এলিভেটেড কৰিডৰ মুকলি মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ মাৰ্চঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী দলঙৰ দক্ষিণপাৰে ভূতনাথৰ পৰা মাছখোৱালৈকে নির্মিত এলিভেটেড কৰিডৰ অংশটো আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসর্গা কৰে৷ ১.২ কিলোমিটাৰ দৈর্ঘ্যৰ এই এলিভেটেড কৰিডৰ নির্মাণত ব্যয় হৈছে ৩২৬.০১ কোটি টকা৷ আজি উদ্বোধন হোৱা এই প্রকল্পই গুৱাহাটী মহানগৰীৰ ভৰলুমুখৰ যানজঁটৰ সমস্যা লাঘৱ কৰাৰ লগতে ব্রহ্মপুত্রৰ পাৰৰ সৌন্দর্যবর্দ্ধন তথা খহনীয়া প্রতিৰোধতো বৰঙণি যোগাব৷ এলিভেটেড কৰিডৰ অংশটো পদব্রজে পৰিদর্শনৰ অন্তত এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে আজি এই এলিভেটেড কৰিডৰ উদ্বোধন হোৱাৰ পিছত মাছখোৱা-আদাবাৰী দিশৰ পৰা অহা লোকসকলে ভূতনাথৰ সমীপৰ পৰা পোনে পোনে শুক্রেশ্বৰ মন্দিৰ, উজানবজাৰ আদিলৈ যাব পাৰিব৷ তেওঁ লগতে কয় যে শব্দ প্রদূষণ নিয়ন্ত্রণৰ বাবে বিশেষ শব্দ প্রতিৰোধক ব্যৱহাৰ কৰা এই এলিভেটেড কৰিডৰ ব্যৱহাৰকাৰীসকলে যাত্রাকালত মহাবাহু ব্রহ্মপুত্রৰ নান্দনিক সৌন্দর্য উপভোগৰ সুবিধা পাব আৰু এই প্রকল্পৰ জৰিয়তে জনসাধাৰণে নতুন গুৱাহাটীৰ নতুন প্রতিচ্ছবি দেখা পাব৷ বিগত সময়ছোৱাত মালিগাঁৱত নীলাচল উৰণ সেতু, শ্রদ্ধাঞ্জলি উৰণ সেতু, ছুপাৰ মার্কেটৰ উৰণ সেতু আদি নির্মাণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে কালাপাহাৰৰ চাইকেল ফেক্টৰী অঞ্চলত আন এক উৰণ সেতু নির্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ তেওঁ লগতে কয় যে কামাখ্যা মন্দিৰলৈ যোৱাৰ সুবিধার্থে আন এটা এলিভেটেড কৰিডৰ নির্মাণৰ পৰিকল্পনা কৰা হৈছে আৰু কামাখ্যা মন্দিৰ দর্শনৰ বাবে আগ্রহীসকলে পাণ্ডুৰ পৰা মন্দিৰলৈ যোৱা নতুন পথেৰে আগবাঢ়ি এলিভেটেড কৰিডৰেৰে ব্রহ্মপুত্রৰ ওপৰেৰে গৈ কামাখ্যা মন্দিৰ পশ্চিম দিশেৰে প্রৱেশ কৰিব পাৰিব৷ শুক্রেশ্বৰ মন্দিৰৰ পৰা লতাশিল খেলপথাৰ পর্যন্ত থকা পথছোৱা যানজঁট হ্রাস কৰাৰ উদ্দেশ্যে এই কৰিডৰটো সম্প্রসাৰণ কৰাৰ পৰিকল্পনা ভৱিষ্যতে গ্রহণ কৰা হব বুলিও তেওঁ সদৰী কৰে৷ মহেন্দ্র মোহন চৌধুৰী হাস্পতালৰ সন্মুখত নির্মীয়মাণ অৱস্থাত থকা জাহাজ টার্মিনেলটোৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে নৈ পর্যটনৰ দিশেৰে নির্মাণ কৰা এই টার্মিনেলটো অহা আগষ্টত মাহত উদ্বোধন কৰা হব৷ অভিলাষী কামাখ্যা কৰিডৰ প্রকল্পকে ধৰি নির্মাণকার্য অব্যাহত থকা এই আঁচনিসমূহ সম্পূর্ণ হৈ উঠিলে সমগ্র গুৱাহাটী মহানগৰীৰ প্রতিচ্ছবি সলনি হৈ যাব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ এই উপলক্ষত মন্ত্রী অশোক সিংহল, সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপৰি মুখ্যমন্ত্রীৰ সহধর্মিণী ৰিণিকি ভূঞা শর্মাকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷