স্বাধীনতাৰ পিছত প্ৰথমবাৰ আধুনিক কলীয়াপানীসদৃশ নামচাঙত অসমৰ মুখ্যমন্ত্ৰী
ভাৰতবৰ্ষৰ সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী উদ্বোধন ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ : প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত প্ৰায় ডেৰশ বছৰীয়া নামচাং চাহ বাগিচাত হিতাধিকাৰী সকলৰ বাবে ১১৩ টা গৃহ উদ্বোধন আৰু পানীযোগান আঁচনি, সৌৰশক্তি, অংগণবাদী কেন্দ্ৰৰ প্ৰতিষ্ঠাই চাহ বাগিচা খনৰ শ্ৰমিক সকলৰ বহুদিনীয়া এক অভাৱ দুৰি কৰাৰ লগতে ইয়াৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, আজি অসম চৰকাৰৰ বিকাশ যাত্ৰা আঁচনিৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত নামচাং চাহ বাগিচাত ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আবাস কলনীৰ শুভ উদ্বোধন কৰে ডঃ শৰ্মাই এনেধৰণৰ আঁচনি অসমত টো আগতে নাছিলেই ভাৰতবৰ্ষটো এনে আঁচনি কত আছে নাজানো বুলি উল্লেখ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে আবাস গৃহৰ লগতে বিদ্যালয় আদিৰ প্ৰতিষ্ঠাই অঞ্চলটোৰ যুৱ প্ৰজন্মকো উৎসাহিত কৰি নৱ প্ৰজন্মক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ এই পদক্ষেপ সফল হোৱাৰ ক্ষেত্ৰত ৰাজ্যৰ গৃহ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈক ভূয়সী প্ৰশংসা কৰে। প্ৰণিধানযোগ্য যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৬ বছৰ অতিক্ৰম কৰাৰ পিছত আজি পুনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তত অৱস্থিত অতি দুৰ্গম নামচাং চাহ বাগিচাত পোন উপস্থিত হয়হি অসমৰ মুখ্যমন্ত্ৰী। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই বাগিচা খনত উপস্থিত হৈ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ আদৰ্শ কলনীখন। মনকৰিবলগীয়া যে আধুনিক অসমৰ কলিয়াপানী ৰূপে খ্যাত পাণ্ডৱ বৰ্জিত অতিকে দুৰ্গম পাহাৰীয়া অঞ্চলত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই আদৰ্শ কলনীখনত দৰিদ্ৰ হিতাধিকাৰীয়ে আধাকঠা মাটিত একোটা ঘৰৰ লগতে লাভ কৰিছে বিভিন্ন সা-সুবিধা। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত নামচাং অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ভাৰতবৰ্ষৰ ভিতৰত সৰ্ববৃহৎ আদৰ্শ কলনীখনত মুঠ ১১৩ গৰাকী ভূমিহীন হিতাধিকাৰীয়ে লাভ কৰিব এই গৃহৰ সুবিধা। অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত লাগি থকা নাহৰকটীয়াৰ জয়পুৰৰ দেৰশতাধিক বছৰ পুৰণি নামচাং চাহ বাগিচাত ৩২ বিঘা ভূমি সামৰি নিৰ্মাণ হোৱা এই কলনী খনত ১১৩ গৰাকী হিতাধিকাৰীয়ে চাৰিসীমা সহ একোটাকৈ ঘৰ, আধাকঠা মাটি, গৃহ আলোকৰ সৌৰ ব্যৱস্থা, পথৰ দাঁতিত সৌৰ ব্যৱস্থা , জল জীৱন আঁচনিৰ অধীনত বিশুদ্ধ খোৱাপানীৰ সুবিধা, অনাময় আঁচনি, শিশু উদ্যান, এটা অংগনবাদী কেন্দ্ৰ, এখন কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কুকুৰা, গাহৰি, ছাগলী, গৰু আৰু মহ পালনকে আদি কেইবাটাও ব্যৱস্থা লাভ কৰিব। ইয়াৰ বাবে প্ৰতিটো ঘৰৰ বাবদ ১লাখ ৫০ হেজাৰ টকা, কলনী পথ পকীকৰণৰ বাবে ৪৯ লাখ টকা, জল জীৱন মিছন জড়িয়তে বিশুদ্ধ খোৱা পানী যোগানৰ নামত ১কোটি ১৮ লাখ টকা, পথৰ দাঁতিৰ সৌৰ ব্যৱস্থাৰ বাবদ ৯ লাখ ৯৯ হেজাৰ টকা, আদৰ্শ অঙ্গনবাদী কেন্দ্ৰৰ নামত ২৫ লাখ টকা ইতিমধ্যে ব্যয় কৰিছে ৰাজ্য চৰকাৰে। মনকৰিবলগীয়া লখিমপুৰৰ পৰা পোনে পোনে হেলিকপ্টাৰ যোগে আহি নামচাং চাহ বাগিচাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীক বাগিচা খনৰ সহস্ৰাধিক শ্ৰমিকৰ লগতে বিজেপি নেতা কৰ্মী সকলে ঢোল মাদল ঝুমুৰেৰে ব্যাপক আদৰণি জনোৱাৰ অন্তত ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে এই বাসগৃহ সমূহ উদ্ধোধন কৰি হিতাধিকাৰী সকলৰ হাতত অৰ্পণ কৰে। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ অবিৰত প্ৰয়াস “বিকাশ যাত্ৰা”ৰ অধীনত অনুষ্ঠিত এই অনুষ্ঠানটোত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, স্থানীয় বিধায়ক তৰঙ্গ গগৈ, তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কৃশান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব মুনিন শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাসকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি আৰু বিজেপিৰ বহু সংখ্যক নেতাকৰ্মী উপস্থিত থাকে। স্মৰণীয় নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ আৰু জয়পুৰ উন্নয়ন খণ্ডৰ সদ্য অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বৰগোহাঁইৰ অহৰহ প্ৰচেষ্টাত নাহৰকটীয়া বিধান সভা সমষ্টিৰ অধীনৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰেদি অতি বিপদ সংকুল পাহাৰীয়া পথেদি প্ৰায় ১০ কিলোমিটাৰ অতিক্ৰম কৰিলে অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত নামচাংত নিৰ্মাণ হবলগীয়া চৰকাৰৰ এই অভিলাষী পদক্ষেপৰ ফলত বাসগৃহ আৰু অন্যান্য সুবিধা লাভ কৰা উপভোক্তা সকলৰ লগতে স্থানীয় ৰাইজ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাহৰকটীয়াৰ কৰ্মদক্ষ বিধায়ক তৰঙ্গ গগৈ আৰু সদ্য অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বৰগোঁহাইৰ কৰ্মদক্ষতাক ভূয়সী প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা