গোৱালপাৰাত নম্বৰবিহীন ট্ৰাক-ট্ৰেক্টৰৰ দৌৰাত্ম্যত অতিষ্ঠ গঞা
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি নম্বৰবিহীন ট্ৰাক-ট্ৰেক্টৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। জিলাখনৰ বিশেষকৈ দোমনী-দহেলা সংযোগী গড়কাপ্তানি পথৰ দোমনীত দিনে-ৰাতিয়ে চলি আহিছে এনে নম্বৰ বিহীন বহু ট্ৰাক-ট্ৰেক্টৰ। যাৰ বাবে পথছোৱা বিধস্ত হোৱাৰ উপৰি সমগ্ৰ অঞ্চলটো ধুলিময় হৈ থকা বুলি জানিব পৰা গৈছে।ট্ৰাক-ট্ৰেক্টৰৰ বাবে যাতায়াতৰ নামত যথেষ্ট অসুবিধাই সন্মুখীন হ’ব লগা হৈছে পথচাৰীসকলক। বালি,মাটি আৰু বাংলা ইটাভাতাৰ ইটা, কয়লা আৰু কাঠ খৰি কঢ়িয়াই থকা এই ট্ৰাক-ট্ৰেক্টৰ সমূহ দিনে-ৰাতিয়ে চলাচল কৰা বুলিও অভিযোগ তুলিছে। উল্লেখ্য যে জিলাখনৰ বিভিন্ন গ্ৰাম্যাঞ্চলত চলাচল কৰা বহুসংখ্যক ট্ৰেক্টৰৰ চালকৰ অনুজ্ঞাপত্ৰ নাই। এনেকি কিছু কিছু অঞ্চলত ১৪-১৬ বছৰীয়া লৰাবোৰেও ইটাভৰ্তি ট্ৰেক্টৰ চলাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। যাৰ ফলত সঘনাই দূৰ্ঘটনা সংঘটিত হৈ থকা বুলি স্থানীয় লোকে জানিবলৈ দিছে। ইয়াৰ উপৰি বহতী আৰক্ষী চকীৰ কাষতে জলজলী নৈত দুটাকৈ বালিৰ ঘাট সৃষ্টি কৰি অবৈধভাৱে বালিৰ ব্যৱসায় অব্যাহত ৰাখিছে অঞ্চলটোৰ এচাম বালি ব্যৱসায়ীয়ে। প্ৰশাসনৰ সন্মুখতে ট্ৰেক্টৰে-ট্ৰেক্টৰে দিনে-ৰাতিয়ে বগা বালি সৰবৰাহ হৈ আছে। ৰংজুলি আঞ্চলিক বনাঞ্চলিক বিষয়া গৰাকীৰ জ্ঞাতে নে অজ্ঞাতে এই বগা বালিৰ অবৈধ ব্যৱসায় চলি আহিছে সেয়া আজিৰ তাৰিখত এক নুবুজা সাঁথৰ। এই চোৰাং ব্যৱসায়ীসকলৰ পৰা যে একাংশ বনকৰ্মী আৰু আৰক্ষীয়ে কমিছন সংগ্ৰহ কৰে সেয়া নিশ্চিত বুলি অঞ্চলটোৰ একাংশ লোকে মন্তব্য প্ৰদান কৰে। এইক্ষেত্ৰত ৰংজুলি আঞ্চলিক বন বিষয়াগৰাকীয়ে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়। এইক্ষেত্ৰত জিলা আয়ুক্ত, জিলা বন বিষয়া, জিলা পৰিবহণ বিষয়াক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে সচেতন ৰাইজে আহ্বান জনাইছে।
প্ৰেৰক জ্যোতিষ নাথ