এখন আসন পোৱাটোৱে কংগ্ৰেছৰ বাবে আশীৰ্বাদ : বিধায়ক দিগন্ত কলিতা
🎯মধ্য পাতিদৰং জনকল্যাণ সংঘৰ সাংসদ উন্নয়ন পুঁজিৰে কামৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ দালালক বিশ্বাস কৰিয়ে কংগ্ৰেছৰ বিধায়ক উত্তৰা কলিতাৰ ৰাজনীতি জীৱন ধংস হৈ গ’ল। কংগ্ৰেছে এখন আসন পোৱা মানে আশীৰ্বাদ পোৱা। -এই মন্তব্য কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ। আজি কামৰূপ জিলাৰ সূতাৰগাঁওস্থিত মধ্য পাতিদৰং জনকল্যাণ সংঘৰ নামত সাংসদ উন্নয়ন পূঁজিৰ অনুমোদিত ১০ লাখ টকাৰ আন্তঃগাঁথনি উন্নয়ন কামৰ আচনিৰ শুভ উদ্বোধন কৰি ৰাজহুৱা সভাত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত বিধায়ক দিগন্ত কলিতাই কয় যে মই মোৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি মধ্য পাতিদৰং জনকল্যান সংঘৰ আন্তঃগাঁথনিৰ বাবদ সাংসদ উন্নয়ন পূজিৰ অনুমোদিত ১০ লাখ টকাৰ উন্নয়নৰ কামৰ শুভাৰম্ভ কৰিবলৈ পাই অত্যান্ত সুখী অনুভৱ কৰিছো। তেওঁ কয় যে যিমান দিনলৈ মোৰ দেহা ভালে থাকিব সিমান দিনলৈ আপোনালোকৰ সেৱা কৰি যাম। সেয়া মোৰ প্ৰতিশ্ৰুতি। কেৱল আপোনালেকে মোৰ ওপৰত বিশ্বাস ৰাখক। পাঁচটা বছৰত যিকোনো বিধায়কে সম্পূৰ্ণ কাম কৰাটো সম্ভৱ নহয়। জনকল্যাণ সংঘৰ প্ৰাক্তন সম্পাদক দূৰ্গেশ্বৰ দাসে আতধৰা সভাত বিধায়কগৰাকীয়ে আৰু কয় যে প্ৰথম পাঁচ বছৰত বিধায়ক সকলে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে। পিছৰ পাঁচ বছৰত ৰেনুৱেল কৰাৰ বাবেহে বহু বিধায়কে নিৰ্বাচন খেলে। কিন্তু মই কামৰ বাবেহে নিৰ্বাচন খেলিম। আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত মই জীয়াই থকালৈকে কাম কৰি যাম। কেৱল আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক। জনকল্যান সংঘৰ আজীৱন সভ্য নলিনীকান্ত বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱাত সভাত বিধায়ক গৰাকী প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ প্ৰংসগত কয় যে দালালক বিশ্বাস কৰিয়ে উত্তৰা কলিতাৰ ৰাজনীতি জীৱন ধংস হৈ গল। তেওঁ দালালক বহু বিশ্বাসত লৈছিল। মোৰ ৰাজনীতি জীৱনত দালালক কোনো দিনে প্ৰশ্ৰয় দিয়া নাই আৰু নিদিওঁ। মোৰ মনত সকলোৱে সমান। মোৰ কোনো নিৰ্দিষ্ট লোক নাই। যদি মোৰ অজ্ঞাতে কোনোবাই মোৰ হৈ দালালি কৰি আছে সেয়া মই নাজানো। আনহাতে সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ যদি এখনো আসন পায় তেন্তে সেয়া কংগ্ৰেছৰ বাবে আশীৰ্বাদ হব বুলি ইতিংকি কৰে বিধায়কগৰাকীয়ে। ইপিনে সাংবাদিকে বাতৰি পৰিবেশন কৰাৰ সন্দৰ্ভত তেওঁ কয় যে মাজে মাজে ৰাস্তাৰ কথা উল্লেখ কৰি দুই এজন সাংবাদিকে পেপাৰত লিখে। কিন্তু তেওঁলোকৰ উপায়ো নাই। ৰাইজে অভিযোগ দি থাকে। মই তেওঁলোকক বেয়া নাপাওঁ বুলি বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। কেইবাশ লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
প্ৰেৰক বিজয় ৰাজবংশী