নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰীৰ শ্লীলতাহানিক লৈ উত্তপ্ত ৰাখালডুবি হাইস্কুল

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১৩ মাৰ্চঃ গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অন্তৰ্গত ৰাখালডুবি হাইস্কুলৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইন মণ্ডলে ছাত্ৰীক অশালীন ইংগিত দিয়াক লৈ আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে পাষণ্ড প্ৰধান শিক্ষকগৰাকীক শাৰীৰিক আক্ৰমণ কৰাৰ লগতে বিদ্যালয়খনৰ আচবাব ভাঙি চূৰমাৰ কৰে। আনকি উত্তেজিত ৰাইজে আৰক্ষীৰ বাহনৰো ক্ষতি কৰে। প্ৰাপ্ত তথ্যমতে, লম্পট প্ৰধান শিক্ষকগৰাকীয়ে দুদিন পূৰ্বে বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক বিদ্যালয়খনতে যৌন উৎপীড়ন চলোৱাৰ অপচেষ্টা কৰিছিল। পাছত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে বিদ্যালয় পৰিচালনা সমিতিৰ ওচৰত ন্যায় বিচাৰি কাষ চাপে। পাছত দুদিন পূৰ্বে সংঘটিত সেই লজ্জাকৰ ঘটনা সন্দৰ্ভত আজি বিদ্যালয় চৌহদত পৰিচালনা সমিতিৰ এখনি সভা অনুষ্ঠিত হৈছিল। সভাত শিক্ষকগৰাকীৰ অনৈতিক কাৰ্য সন্দৰ্ভত চলিছিল আলোচনা। তেনে সময়তে একাংশ উত্তেজিত লোকে লম্পট শিক্ষকগৰাকীক উত্তম-মধ্যম শোধোৱাৰ লগতে বিদ্যালয়ৰ আচবাব  ভাঙি লণ্ডভণ্ড কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইপিনে এই খবৰ লাভ কৰাৰ পাছত বহু পলমকৈ বগুৱান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰধান শিক্ষকগৰাকীক ক্ষুব্ধ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি গাড়ীত তুলিবলৈ লওঁতে একাংশ লোকে আৰক্ষীৰ বাহনতো  ক্ষতি  কৰে ৷ পিছত পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি বগুৱান আৰক্ষীয়ে তাৎক্ষণিক ভাবে চিআৰপিএফ নিয়োগ কৰি অভিযুক্ত লম্পট শিক্ষক আনোৱাৰ হুছেইন মণ্ডলক উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পৰবৰ্তী সময়ত গোৱালপাৰাৰ এখন নাৰ্ছিং হোমলৈ প্ৰেৰন কৰা হয়। পাছত ঘটনাস্থলীত গোৱালপাৰাৰ শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীৰ ওচৰত ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ লগতে ৰাজহুৱা সম্পতি বিদ্যালয়ৰ আচবাবকে ধৰি আৰক্ষীৰ বাহন ভাঙি চূৰ্ণ বিচুৰ্ণ কৰা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি আৰক্ষী সূত্ৰে জানিবপৰা গৈছে। উল্লেখ্য যে লম্পট প্ৰধান শিক্ষকগৰাকীয়ে বিভিন্ন সময়ত ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰ বহু গুৰুতৰ অভিযোগ আছে। ঘটনাৰ উচিত তদন্ত কৰি দোষী লম্পট শিক্ষকগৰাকীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ৰাইজে।
প্ৰেৰক উদিত নাৰায়ণ কলিতা
You might also like