চিৰাং জিলা প্ৰেছ ক্লাবৰ নৱনিৰ্মিত ভৱনৰ দুৱাৰ মুকলি প্ৰমোদ বড়োৰ
ভৱন উন্নীতকৰণৰ বাবে ৩০ লাখ টকাৰ অনুদান ঘোষণা
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ চিৰাং জিলা প্ৰেছ ক্লাবৰ নৱনিৰ্মিত ভৱনৰ আজি আনুষ্ঠানিকভাৱে দুৱাৰ মুকলি কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। জিলা সদৰ কাজলগাঁৱৰ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ৰ সমীপত নিৰ্মিত ভৱনটোৰ দুৱাৰ মুকলি অনুষ্ঠানত স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী, পাৰিষদ মাধৱ চেত্ৰী, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, চিৰাং জিলা আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, সদৰ মহকুমাধিপতি তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া হেমাংগ নৱিছৰ লগতে জিলাখনৰ সাংবাদিকসকল আৰু ভালেমান বিশিষ্ট অতিথি উপস্থিত থাকে। দুৱাৰ মুকলি কৰি মুখ্য অতিথি প্ৰমোদ বড়োৱে চতুৰ্থ স্তম্ভৰ মৰ্যদা অক্ষুণ্ণ ৰখাত চিৰাং জিলা প্ৰেছ ক্লাবে লৈ অহা ভূমিকাক প্ৰশংসা কৰে। তেওঁ কয় যে, জিলাখনৰ বিভিন্ন সমস্যা, ৰাইজৰ অভাৱ-অভিযোগ, চৰকাৰী পক্ষৰ বিভিন্ন দুৰ্নীতি অনিয়ম আদি সঠিক ৰূপত দাঙি ধৰাত চিৰাঙৰ সাংবাদিকসকলে সবল ভূমিকা গ্ৰহণ কৰি আহিছে। আনহাতে বি টি আৰ প্ৰশাসনৰ পৰা অনুদান পোৱা বিশ লাখ টকাৰে নিৰ্মিত ভৱনটো নিৰ্মাণকাৰ্য উন্নিতকৰণৰ বাবে প্ৰমোদ বড়োৱে পৰিষদৰ আগন্তুক বাজেটৰ জৰিয়তে ৩০ লাখ টকাৰ অনুদান আগবঢ়াব বুলি ঘোষণা কৰে। চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক হেমেন শৰ্মাই আঁত ধৰা সভাত সভাপতি আবুবক্কৰ ছিদ্দিকে উপস্থিত অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু নিজস্বতা অক্ষুণ্ণ ৰাখি চিৰাং জিলা প্ৰেছ ক্লাবে সদায় নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰি যাব বুলি মন্তব্য কৰে।
প্ৰেৰক বিপুল কুমাৰ দাস