মাৰ্ঘেৰিটাৰ ছখন চাহ বাগিচাক এম্বুলেঞ্চ প্ৰদান
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অভিলাসী আঁচনিৰ অধীনত আজি মাৰ্ঘেৰিটা বৰগোলাই দিহিং ক্ৰীড়া খেলপথাৰত অনুষ্ঠিত এখন সভাত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ৬খন চাহ বাগিচাৰ বাবে ৬খন অত্যাধুনিক এ চি যুক্ত এম্বুলেন্স আনুষ্ঠানিকভাৱে বিতৰণ কৰে মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই। চাহ বাগিচাৰ চাহ শ্ৰমিক সকল ৰোগত আক্ৰান্ত হ’লে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰিব পৰাকৈ চৰকাৰে প্ৰদান কৰা এই এম্বুলেন্স সেৱাই চাহ শ্ৰমিক সকলক স্বাস্থ্যৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি বিধায়ক শৰ্মাই সাংবাদিকৰ আগত উল্লেখ কৰে। চাহ বাগিচাৰ স্বাস্থ্যখণ্ডক অধিক গতিশীলতা প্ৰদান কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা প্ৰচেষ্টাৰ অংশস্বৰূপে আজি মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কেইবাখনো বাগিচালৈ ৰোগী পৰিবহণ বাহন (এম্বুলেঞ্চ) প্ৰদান কৰে। এই সেৱা লাভ কৰা চাহ বাগিচাকেইখন ক্ৰমে লিডু চাহ বাগিচা,নামদাং চাহ বাগিচা, ডিৰক চাহ বাগিচা, মাৰ্ঘেৰিটা চাহ বাগিচা, চেগুনবাৰী চাহ বাগিচা , দিহিং চাহ বাগিচা, খাটাং পানী চাহ বাগিচা আৰু কনাপথাৰ চাহ বাগিচা। আগন্তুক দিনত এই বাহনসমূহৰ জৰিয়তে চাহ বাগিচাসমূহত চিকিৎসা সেৱাৰ সুবিধা ক্ষীপ্ৰতৰ আৰু সুলভ হ’ব বুলি বিধায়ক শৰ্মাই আশাপ্ৰকাশ কৰাৰ লগতে এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক ভাষণ প্ৰসংগত ধন্যবাদ জ্ঞাপন কৰে।
প্ৰেৰক মানসপ্ৰতিম গগৈ