অশ্লীলতাৰ পয়োভৰ : ১৯ ৱেবছাইট, ১৭ ইনষ্টাগ্ৰাম, ১২ ইউটিউব চেনেল ব্লক
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ মাৰ্চঃ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অ’টিটি প্লেটফৰ্মত অশ্লীল বিষয়বস্তুৰ সন্দৰ্ভত বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি সমগ্ৰ দেশতে ১৮টা অ’টিটি প্লেটফৰ্ম, ১৯টা ৱেবছাইট, ১০টা মোবাইল এপ (গুগল প্লে ষ্ট’ৰৰ পৰা সাতটা আৰু এপল এপ ষ্ট’ৰৰ পৰা তিনিটা) আৰু ৫৭টা ছ’চিয়েল মিডিয়া হেণ্ডেল ব্লক কৰে। প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱে (পিআইবি) জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ১৮টা ব্লক কৰা অ’টিটি প্লেটফৰ্মত অশ্লীল আৰু কিছুমান অনুষ্ঠানত আনকি পৰ্ণ কন্টেন্টও পৰিৱেশন কৰা হৈছিল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে বিগত সময়ত কেইবাবাৰো এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰাৰ সময়ত কেন্দ্ৰই এই ব্যৱস্থা গ্ৰহণ কৰিছে। অ’টিটিৰ অশ্লীল বিষয়বস্তুৰ ওপৰত কঠোৰ হৈছে মোদী চৰকাৰ! ১৮টা প্লেটফৰ্ম ব্লক কৰা, ১৯টা ছাইট-১০টা এপ আৰু ৫৭টা ছ’চিয়েল মিডিয়া হেণ্ডেলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰৰ শেহতীয়া পদক্ষেপৰ অংশ হিচাপে ১২টা ফেচবুক একাউণ্ট, ১৭টা ইনষ্টাগ্ৰাম হেণ্ডেল, ১৬টা এক্স (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত) আইডি আৰু ১২টা ইউটিউব চেনেল ব্লক কৰা হয়। অ’টিটি মানে অভাৰ দ্য টপ। অৰ্থাৎ ইণ্টাৰনেট সংযুক্ত ডিভাইচৰ জৰিয়তে ব্যৱহাৰকাৰীক বিষয়বস্তু প্ৰদান কৰা প্ৰযুক্তি (OTT সেৱা বা প্লেটফৰ্ম)। মোবাইল মাৰ্কেটিঙৰ জগতখনত অ’টিটিক সাধাৰণতে ভিডিঅ’ কন্টেন্টৰ প্ৰেক্ষাপটত জনা, দেখা আৰু বুজা যায়।