নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰমতী বাঁহবাৰীৰ জিলা থান মিলন সত্ৰত সামূহিক বিবাহ সম্পন্ন

নিয়মীয়া বাৰ্তা,  ১৪ মাৰ্চ : অসমৰ আন এক ধৰ্মীয় অনুষ্ঠান একশৰণ ভাগৱতী সমাজৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত হাৰমতী আঞ্চলিকৰ উদ্যোগত আজি এক  সামূহিক বিবাহ সম্পন্ন হয়। লখিমপুৰ জিলাৰ হাৰমতীৰ বাঁহবাৰীস্থিত জিলা পালনাম থান তথা বাঁহবাৰী  মিলন সত্ৰত আজি সামূহিক বিবাহ সম্পন্ন হয়। একশৰণ ভাগৱতী সমাজৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি জয়ন্ত দাস আৰু সম্পাদক পৰমানন্দ দাস, হাৰমতী আঞ্চলিকৰ সভাপতি মিলন দাস আৰু সুমন্ত দাসে জানিবলৈ দিয়া মতে, হাৰমতী আঞ্চলিকৰ ১১খন প্ৰাথমিকৰে গঠিত হাৰমতী আঞ্চলিকৰ অন্তৰ্গত  সাতযোৰা দৰা-কইনাই সমাজক সাক্ষী কৰি ধৰ্ম্মীয় ৰীতি-নীতিৰে সম্পন্ন কৰে বিবাহ কাৰ্য। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শপত বাক্য পাঠ কৰাই বিবাহ কাৰ্য সমাপন কৰে আচাৰ্য শোভন দাসে।
প্ৰেৰক মুকুল ভূঞা
You might also like