বিশেষ বাৰ্তা, ১৪ মাৰ্চ : শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত আজি আন্তৰ্জাতিক গণিত দিৱস উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ ভাৰ্চুৱেল কোঠাত অনুষ্ঠিত বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, মেঘালয় (USTM)ৰ গণিত বিভাগৰ সহযোগী অধ্যাপক ড° অনুপম দত্ত। মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক কুসুম্বৰ বৈশ্যই আঁত ধৰা সভাত উদ্বোধনী ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নীহাৰ ৰঞ্জন কলিতাই। তেওঁ আন্তৰ্জাতিক গণিত দিৱস, ২০২৪ৰ মূল বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি দৈনন্দিন জীৱনত গণিতৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। সমল ব্যক্তি হিচাপে উপস্থিত থাকি দত্তই গ্ৰাফ থিয়ৰী সম্পৰ্কে এক বক্তৃতা আগবঢ়ায়। সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ উপাধ্যক্ষ গোপাল শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক গণিত শাস্ত্ৰৰ গুৰুত্ব সম্পৰ্কে এক চমু বক্তব্য আগবঢ়ায়। মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক কুসুম্বৰ বৈশ্যই দৈনন্দিন জীৱনত গণিতৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে। মহাবিদ্যালয়ৰ গণিত বিভাগৰ ছাত্ৰী কৃতিস্মৃতা কলিতা আৰু ছাত্ৰ ধনজিত ৰাজবংশীয়ে উক্ত দিৱসৰ লগত সংগতি ৰাখি পাই দিৱসৰ তাৎপৰ্য সম্পৰ্কে একোখনকৈ আলোচনা পত্ৰ উপস্থাপন কৰে। আজিৰ সভাত মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকাৰ লগতে বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকাসকলো উপস্থিত থাকে। অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অধ্যাপক কুসুম্বৰ বৈশ্যই।
প্ৰেৰক দিলীপ মেধি