নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত চাৰি-পাঁচ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ম : ফণীভূষণ চৌধুৰী

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ “বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি জয়লাভ কৰাটো নিশ্চিত আৰু সেই কথা ইতিমধ্যে বৰপেটা সমষ্টিবাসীয়েও বুজি পাইছে৷ যদিও নিৰ্বাচনী প্ৰতিযোগিতা এক জটিল প্ৰক্ৰিয়া কিন্তু এইবাৰ বৰপেটাত কোনো জটিলতা নাই৷ কাৰণ বিজেপি-অগপ মিত্ৰজোঁটৰ সন্মুখত বিৰোধী ঐক্য ইতিমধ্যে থান বান হৈ গৈছে৷ বৰপেটাত কংগ্ৰেছেও প্ৰাৰ্থী দিছে, চিপি আই এমেও প্ৰাৰ্থী দিছে, তৃণমুল কংগ্ৰেছেও দিব, অসম জাতীয় পৰিষদেও দিব৷ গতিকে এইবাৰ বৰপেটাত কোনো ধৰণৰ প্ৰতিদণ্ডিতা নহয়৷” এই মন্তব্য সমাগত লোকসভা নিৰ্বাচনৰ বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ৷ আজি পাঠশালাত উপস্থিত হোৱা অগপ নেতাগৰাকীয়ে সংবাদমাধ্যমেৰে হোৱা বাৰ্তালাপত উক্ত মন্তব্য কৰি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কা কোনো ধৰণৰ ফেক্টৰ নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইনক লৈ আমি নিজেও মন্ত্ৰীত্ব বাদ দিছিলো আৰু তাৰ পিছত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ আমি গম পাইছিলো যে প্ৰকৃততে এইবিলাক ইচ্ছুৰ ভোটৰ লগত কোনো সম্পৰ্ক নাই৷ সেইবিলাক ইচ্ছু বেলেগ আৰু ভোট বেলেগ৷ ৰাইজে প্ৰকৃততে উন্নয়নৰ গতি তৰান্বিত কৰিবৰ বাবে আগবাঢ়ি অহা দলকহে ভোট দিব৷ আৰু অসমৰ ৰাইজে আজি প্ৰত্যক্ষ কৰিছে কেনেদৰে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে এটাৰ পিছত আনটো উন্নয়নৰ কাম কৰি গৈছে৷ গতি উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত অসমৰ ৰাইজে পুনৰবাৰ বিজেপি মিত্ৰজোঁটক ভোট দি জয়যুক্ত কৰাব৷ আনহাতে ৰণনীতি সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত চৌধুৰীয়ে কয় যে অগপ আৰু বিজেপিৰ শক্তিশালী বুঠ লেভেল কমিটিসমুহ আছে, কাইলৈৰ পৰা এই বুঠ কমিটিসমুহক যৌথভাৱে একত্ৰিত কৰি আগবঢ়াৰ চিন্তা চৰ্চা কৰা হৈছে৷ বিভিন্ন পৰ্যায়ত পৰিচলনা সমিতি গঠন কৰি ৰাইজৰ ওচৰত ভোট বিচাৰি যাব৷ আনহাতে কা সন্দৰ্ভত তেওঁ কয় যে যিহেতু এয়া উচ্চতম ন্যায়ালৰ বিচাৰাধীন বিষয় গতিকে ইয়াক লৈ বিশেষ মতামত দিব নিবিচাৰে যদিও কয় যে কা সন্দৰ্ভত অগপৰ স্থিতি পুৰ্বৰ পৰাই স্পষ্ট, যাৰ বাবে তেওলোকে উচ্চতম ন্যায়ালয়ত আবেদনো কৰিছে৷ আনহাতে চিপি আই এম দলে বৰপেটাত অগপ বৰ্তমান বিধ্বস্ত বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰাৰ্থীগৰাকীক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে চিপি এম বিধস্থ নে অগপ বিধস্থ সেয়া এইবাৰ নিৰ্বাচনৰ ফলাফলত ৰাইজে গম পাব৷ এইবেলি বৰপেটাত জাতি বৰ্ণ, ভাষা ধৰ্ম নিৰ্বিশেষে অগপ প্ৰাৰ্থীগৰকীক ভোট দিব বুলি মন্তব্য কৰি কমেও চাৰি -পাঁচ লাখৰ ভোটৰ ব্যৱধানত তেওঁ জয়লাভ কৰিব বুলি মন্তব্য কৰে৷

প্ৰেৰক কল্যাণ কলিতা৷

You might also like