নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিৰাকল নহয়, আজমল এইবাৰ স্বাভাৱিকভাৱেই হাৰিব- জাভেদ ইছলাম

🔹 ‘unpopular face ৰকিবুল হুছেইন’

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ : মিৰাকল নহয়, আজমল এইবাৰ স্বাভাৱিকভাৱেই হাৰিব। বাহিৰৰ পৰা এইবাৰ আকৌ এজন ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহিছে। এ আই ইউ ডি এফ দলৰ বদৰুদ্দিন আজমলে হোজাইৰ পৰা আৰু কংগ্ৰেছ দলৰ ৰকিবুল হুছেইনে নগাঁৱৰ পৰা ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ অহাত ধুবুৰী সমষ্টিবাসী ৰাইজ এইবেলি বেছি ক্ষোভিত হৈ পৰিছে।- AGP-BJP মিত্ৰজোঁটৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী জাভেদ ইছলামে এনেদৰে তিৰ্যক মন্তব্য আগবঢ়ায়। তেওঁ লগতে কয়- unpopular face ৰকিবুল হুছেইন। নিজৰ দলৰ মাজত বিসম্বাদ আৰম্ভ হৈছে। ৰাইজৰ মাজতো জনপ্ৰিয়তা নাই। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ incharge মন্ত্ৰী থকাৰ সময়ত গুণ্ডা বাহিনী সৃষ্টি কৰিছিল। মন্ত্ৰী হৈ থকাৰ সময়ত দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীৰ খবৰ লোৱাৰ আহৰি নথকা ব্যক্তিজনে আজি MP হ’ব আহিছে, এতিয়া মানুহে কেনেকৈ মানি ল’ব বুলি জাভেদ ইছলামে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। নিশা মানকাচৰৰ কাকৰীপাৰাত এখন যোগদান সভাত অগপ দলৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী জাবেদ ইছলামে সাংবাদিকৰ আগত এনেদৰে সদৰী কৰে। অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামে ধুবুৰী লোকসভা সমষ্টিৰ টিকট পোৱাৰ পিছত নিজৰ গৃহ বিধানসভা সমষ্টি মানকাচৰত উপস্থিত হয়। নিশা কাকৰীপাৰা গাওঁ পঞ্চায়তৰ নতুন গাঁৱত মণ্ডল কমিটীৰ সভাপতি আয়ুব হুছেইনৰ সভাপতিত্বত এখন যোগদান সভা অনুষ্ঠিত হয়। উক্ত সভাত এ আই ইউ ডি এফ দলৰ আঞ্চলিক সাধাৰণ সম্পাদক জামাল মিঞাৰ নেতৃত্বত পাঁচ শতাধিক এ আই ইউ ডি এফ দলৰ নেতা-কৰ্মী আৰু পাছেৰ গাঁৱৰ কাকৰীপাৰা গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ মণ্ডল কমিটীৰ সভাপতি ৰৌশন আকতাৰৰ নেতৃত্বত চাৰি শতাধিক কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like